শীৰ্ষ বাতৰি

অসমত পাঁচ টকা বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

Sentinel Digital Desk

ক’ৰ’না মহামাৰীৰ বিভীষিকাৰ মাজতে অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য তড়িত হাৰত বৃদ্ধি পালে। আজি ২২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পাঁচ টকাকৈ বৃদ্ধি কৰিছে। ফলত ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৭.৪৬ টকা আৰু ডিজেলৰ মূল্য ৭০.৫০টকা হৈছে। পেট্ৰ’পণ্যৰ মূল্যবৃদ্ধি সম্পৰ্কত ৰাজ্য চৰকাৰে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে, “ প্ৰতি লিটাৰ পেট্ৰ’লত ২৩.৬৬ টকা মূল্য সংযোজিত কৰ (ভেট)আৰু ডিজেলৰ প্ৰতি লিটাৰত ১৭টকা ভেট ধাৰ্য কৰা হৈছে”।ইয়াৰ পূৰ্বেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ইংগিত দিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।