শীৰ্ষ বাতৰি

বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী দিছপুৰক: আলোচনা ভূমি আইন ২০১৯ ৰ ওপৰত

Sentinel Digital Desk

বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী দিছপুৰক: আলোচনা ভূমি আইন ২০১৯ ৰ ওপৰত।যি সমূহ উদ্যোগ আৰু হোটেল আদিয়ে সংৰক্ষিত বনাঞ্চল,অভয়াৰণ্য আৰু জলাশয় আদিত বেদখল কৰিছে তেনেবোৰৰ ক্ষেত্ৰত অতি সোনকালে ৰাজ্য চৰকাৰে পদক্ষেপ লব লাগে আৰু উচ্ছেদ অভিযান চলাব লাগে।

অন্যহাতে চৰ অঞ্চলত চলোৱা জৰীপত এই কথা স্পষ্ট হৈছে যে সন্দেহজনক বহু লোকে তেনেবোৰ স্থান দখল কৰিছে।তেনেবোৰ স্থানতো উচ্ছেদ অভিযান চলোৱা উচিত।অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনা জিৰ আৱাৰত এই দাবী উত্থাপন কৰে বিজেপিবিধায়কসকলে।

নতুন ভূমি আইন ২০১৯ ৰ ওপৰত হোৱা এক আলোচনাত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে,বেদখলকাৰীৰসকলৰ ভিতৰত সাধাৰণ লোকসকলক উচ্ছেদ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যেনে তৎকালীন আৰু কঠোৰ পদক্ষেপ লয় তাৰ বিপৰীতে কিন্তু ষ্টাৰ চিমেণ্ট, দা গিনজাৰ হোটেলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা দেখা নাযায়।এনেবোৰ প্ৰতিষ্ঠানে বেদখল কৰি ব্যৱসায় কৰি আছে।

বিধায়ক কলিতাই লগতে প্ৰশ্ন কৰে যে,ৰাজ্য চৰকাৰে মহানগৰীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা ৬৫,০০০ খিলঞ্জীয়া লোকৰ ক্ষেত্ৰত কি ব্যৱস্থা লব? কেতিয়াবা তেওঁলোকে মাটিৰ পট্টা লাভ কৰিবনে?

অন্যহাতে চৰঅঞ্চলৰ বেদখলৰ ক্ষেত্ৰত বিজেপি বিধায়ক পদ্ম হাজৰিকাই কয় যে,চৰ অঞ্চলত হোৱা জৰীপৰ ক্ষেত্ৰত এটা কথা স্পষ্ট হৈছে যে বহু সন্দেহজনক লোকে এনে স্থান বেদখল কৰিছে কিন্তু এনেবোৰ স্থানৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট তথ্য প্ৰশাসনৰ ওচৰত নাই। সেয়ে ৰাজ্য চৰকাৰে এক সঠিক জৰীপ এনেবোৰ অঞ্চলত চলাব লাগে।এনেবোৰ ব্যৱস্থাই তেনে অঞ্চলত বেদখল কৰা সন্দেহজনক লোকক চিনাক্ত কৰাত সহায়ক হব তাৰ পিছত তেনে অঞ্চলত চৰকাৰ -প্ৰশাসনে উচ্ছেদ অভিযান চলাব লাগে।

এই প্ৰসংগত বিজেপি বিধায়ক অতুল বৰাই মন্তব্য কৰে যে,অসমৰ বহু ভূমি বেদশলকাৰীৰ দখলত আছে।বৃহৎ উদ্যোগ সমূহে বেদখলকৰা ভূমিসমূহ বেদখলমুক্ত কৰি দুখীয়া খিলঞ্জীয়া লোক সকলক প্ৰদান কৰাৰ আহ্বান জনায় বিধায়কজনে।

এই বিষয়ত ৰাজহ মন্ত্ৰী ভবেশ কলিতাই কয় যে, মহানগৰীৰ কাষৰীয়া পাহাৰীয়া অঞ্চলত বসবাস কৰা প্ৰায় ৬৫,০০০ লোকক পট্টা দিয়াৰ প্ৰসংগটো উত্থাপিত হৈছে কিন্তু বিষয়টো হল যে ভূমি আইন ২০১৯ অনুসৰি পাহাৰত বসবাস কৰা লোকক আমি মাটিৰ পট্টা দিব নোৱাৰিম।আমি ইতিমধ্যে ১২৬ গৰাকী বিধায়কৰ সৈতে এই বিষয়ত আলোচনা কৰিছোঁ। ভূমি পট্টা, বেদখল আদি ক্ষেত্ৰতো আলোচনা কৰা হৈছে।