Begin typing your search above and press return to search.

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ উদ্ধৱ থাকৰেৰ,শপত ছয় কেবিনেট মন্ত্ৰীৰো

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ উদ্ধৱ থাকৰেৰ,শপত ছয় কেবিনেট মন্ত্ৰীৰো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2019 5:58 AM GMT

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ উদ্ধৱ থাকৰেৰ , শপত ছয় কেবিনেট মন্ত্ৰীৰো । অৱশেষত মহাৰাষ্ট্ৰৰ অচলাৱস্থা দুৰ কৰি পূৰ্বে ঘোষনা কৰা অনুসৰিয়েই বুধবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত অনুষ্ঠিত এক সভাত শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

মুম্বাইৰ শিৱাজী পাৰ্কত ৬.৪০ ত পদ আৰু গোপনীয়তাৰ শপত বাক্য কৰায় ৰাজ্যপাল ভগত সিং কোশীয়াৰীয়ে । শপত গ্ৰহণ কৰাৰ সময়ত উদ্ধৱ থাকৰেই গেৰুৱা বস্ত্ৰ পৰিধান কৰে ।শপত গ্ৰহনৰ পূৰ্বে থাকৰেই জনতাৰ সন্মুখত আঠু লৈ আশীৰ্বাদ বিচাৰে ।

শিৱসেনাৰ পৰা মনোহৰ যোশী আৰু নাৰায়ণ ৰাণাৰ পিছত উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰৰ তৃতীয় জন শিৱসেনাৰ পৰা নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰী।‌উদ্ধৱ থাকৰেৰ লগতে এই অনুষ্ঠানত আন ছয় জন কেবিনেট মন্ত্ৰীয়ো শপত গ্ৰহন কৰে । কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ছয় জন মন্ত্ৰী ক্ৰমে শিৱসেনাৰ একনাথ শ্বিনডে আৰু সূভাষ দেশাই , এন চি পিৰ জয়ন্ত পাটিল আৰু ছখন ভূজবল , কংগ্ৰেছৰ বালছাহেব থোৰাট আৰু নীতিন ৰাউটে । উক্ত সভাত মহাৰাষ্ট্ৰৰ প্ৰায় ৫০০ তকৈ অধিক জন কৃষক তথা বহু জনসাধৰণ , মহাৰাষ্ট্ৰৰ নৱনিৰ্মান‌ সেনাৰ সভাপতি ৰাজ থাকৰেই , ৰিলায়েন্স গ্ৰুপৰ উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানী, উদ্ধৱ থাৰেৰ পৰিয়ালৰ লগতে আন বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে। তদুপৰি এই অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ , এন চি পিৰ প্ৰধান শাৰদ পাৱাৰ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ লগতে আন‌ ৰাজ্যৰ মুখ্যমন্ত্ৰী ও উপস্থিত থাকে।

কোটি কোটি জনতা , নেতা বিধায়ক , শুভচিন্তকে থাকৰেক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানৰ পিছতেই থাকৰেই পত্নী আৰু পুত্ৰৰ সৈতে গৈ প্ৰসিদ্ধ সিদ্ধি বিনায়ক মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় ।

এই অনুষ্ঠানৰ সময়ত শিৱাজী পাৰ্ক জন সমুদ্ৰত পৰিণত হয়, য'ত আনুমানিক ১০০,০০০ তকৈ অধিক লোক উপস্থিত আছিল।

অন্য খবৰৰ বাবে পঢ়ক: স্থানীয় স্বেচ্ছাসেৱী সংগঠনক ইছলামিক সংগঠনৰ অৰ্থসাহায্য : তদন্তৰ দাবী খিলঞ্জীয়া মুছলিমৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Jyoti Kendra Siksha Karmi staged sit in demonstration in front of Axom Sarba Siksha Abhiyaan office

Next Story
চাকৰি