স্থানীয় স্বেচ্ছাসেৱী সংগঠনক ইছলামিক সংগঠনৰ অৰ্থসাহায্য : তদন্তৰ দাবী খিলঞ্জীয়া মুছলিমৰ

স্থানীয় স্বেচ্ছাসেৱী সংগঠনক ইছলামিক সংগঠনৰ অৰ্থসাহায্য : তদন্তৰ দাবী খিলঞ্জীয়া মুছলিমৰ

স্থানীয় স্বেচ্ছাসেৱী সংগঠনক ইছলামিক সংগঠনৰ অৰ্থসাহায্য : তদন্তৰ দাবী খিলঞ্জীয়া মুছলিমৰ।অসমৰ কিছুমান স্বেচ্ছাসেৱী সংগঠনক বিভিন্ন ইছলামিক দেশৰ পৰা আৰ্থিক সাহায্য দিয়া বিষয়টোৰ ওপৰত ২১ জনীয়া খিলঞ্জীয়া মুছলিমৰ সংগঠন জনগোষ্ঠীয় সমন্বয় পৰিষদে দাবী কৰে যে,,এনে বোৰ সন্দেহজনক স্বেচ্ছাসেৱী সংগঠনৰ ক্ষেত্ৰত তদন্ত কৰক চৰকাৰে।দা চেণ্টিনেলৰ সৈতে হোৱা কথা বার্তাত সংগঠনটোৰ সমন্ধয়ক মমিনুল আৱালে কয় যে, গোৱালপাৰাত তিনি সন্দেহজনক আইচিছ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছতেই এই বিষয়টো উত্থাপন হৈছে।

তেওঁ লগতে ব্যক্ত কৰে যে,আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠনৰ প্ৰতি সহানুভূতিশীল কিছুমান লোক পূৰ্বও অসমত ধৰা পৰিছে।তদন্তকাৰী বিষয়া আৰু তদন্তকাৰী সন্থাৰ জেৰাত এনে বোৰ যোগাযোগৰ তথ্য উন্মোচিত হৈছে।বৰ্তমান সময় উপস্থিত হৈছে এক উচ্চস্তৰীয় তদন্তৰ দ্বাৰা এনেবোৰ দুষ্কৃতিকাৰীৰ সম্পূৰ্ণ তথ্য পোহৰলৈ অনা।গোৱালপাৰা ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক কৰায়ত্ত কৰক।

পৰিষদৰ সমন্ধয়কগৰাকীয়ে অসমৰ ৰাইজলৈ আহ্বান জনায় কয় যে, বিদেশৰ পৰা আৰ্থিক সাহায্য লাভ কৰা স্বেচ্ছাসেৱী সংগঠনবোৰৰ ওপৰত ৰাইজে সচেতনভাৱে দৃষ্টি ৰাখিব লাগে।সেয়েহে আমি দাবী জনাইছো যে এনে বোৰ বিদেশৰ ধন লাভ কৰা স্বেচ্ছাসেৱী সংগঠনৰ ওপৰত তদন্ত কৰক চৰকাৰে।কিহৰ বাবে এই ধন লাভ কৰিছে,কি দৰে এই ধন লাভ কৰিছে,কিহৰ লক্ষ্যৰ ক্ষেত্ৰত ধনসমূহ খৰছ কৰা হৈছে সেই সকলো তদন্ত কৰক।

লগতে মমিনুল আৱালে কয় যে যিসকল লোকে চৰ অঞ্চলত বসবাস কৰে।বিশেষকৈ এনেবোৰ নৈ পৰিয়া অঞ্চলৰ লোকক প্ৰতিদিনে আৰক্ষীয়ে নজৰত ৰখা আৰু এনে কৰিলে সামগ্ৰী বিষয় স্পষ্ট হব।

ভিডিঅ প্ৰতক্ষ্য কৰক: Dokmoka Mob Lynching: Abhi-Neel case awaits justice after 1 ½ years

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com