Begin typing your search above and press return to search.

ৰন্ধন গেছৰ বিপৰীতে তৎকালীন ভাৱে সংযোজন নতুন বিকল্পৰ

ৰন্ধন গেছৰ বিপৰীতে তৎকালীন ভাৱে সংযোজন নতুন বিকল্পৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Nov 2019 6:46 AM GMT

ৰন্ধন গেছৰ বিপৰীতে তৎকালীন ভাৱে সংযোজন ঘটিব নতুন বিকল্পৰ । অসমত এক পৰিবেশৰ লগত সমতাপূৰ্ণ নতুন ৰন্ধন গেছ বানিজ্যিক আধাৰত মুকলি কৰাৰ যো যা চলি আছে ।

পূৰ্বৰ পৰম্পৰাগত এল পি জি গেছৰ তুলনাত নতুন ৰন্ধন গেছ বিধ হব বহুত পাতল আৰু ৰন্ধন গেছৰ ক্ষেত্ৰত সুলভ প্ৰনালীৰ হ'ব । উল্লেখযোগ্য যে পূৰ্বতে ভাৰতবৰ্ষত এই ৰন্ধন গেছ বিধ ঘৰুৱা খাদ্য প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।‌এই ৰন্ধন গেছ বিধৰ নাম হল মেথানল।প্ৰযুক্তিগত সহায় লৈ চুইদেনৰপৰা এই প্ৰস্তাৱিত মডেল প্ৰকাশ কৰিছে অসম পেট্ৰকেমিকেল লিমিটেডে(এ পি এল )।এ পি এলে দৈনিক ১০০ টন মেথানলৰ উৎপাদন কৰে । এ পি এলৰ অধ্যক্ষ জগদীশ ভূঞাই দ্যা চেন্টিনেলৰ আগত কয় যে এই মডেলত ২ কিলো বহন ক্ষমতা আছে । বৰ্তমান ব্যৱহাৰ কৰা এল পি জি গেছৰ তুলনাত ই কিছু পৃথক হব । লগতে কয় যে তেওঁলোকে ইতিমধ্যে স্থানীয় স্তৰত কনষ্টিতাৰ আৰু গেছ স্তভ উৎপাদন আৰম্ভ হৈছে।আমাৰ লক্ষ্য হৈছে গুণগত মানদণ্ড অব্যাহত ৰখা আৰু কম মূল্যত যাতে ৰন্ধন গেছবিধ গ্ৰাহকলৈ আগবঢ়াব পাৰো।

বৰ্তমান ব্যৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ অনুমতিৰ বাবে সমগ্ৰ প্ৰক্ৰিয়া ৰখি আছে।আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে আগুৱাইছো।আমাৰ সামগ্ৰী মুকলি কৰাৰ লক্ষ্য আগন্তক বর্ষৰ জানুৱাৰী মাহ।বিষয়গৰাকীয়ে লগতে ৰন্ধন গেছ বিধৰ বিষয়ে কয় যে গেছবিধ পৰিবেশৰ সমতাপূৰ্ণ আৰু দুৰ্ঘটনা প্ৰতিৰোধী।

এটা পাছজনীয়া পৰিয়ালে কেৱলমাত্ৰ ৩০০টকা ব্যয়ত এমাহ ৰন্ধন গেছ বিধ ব্যৱহাৰ কৰিব পাৰিব।তাৰোপৰি নতুনকৈ বজাৰত মুকলি কৰিব লগা গেছবিধ অতি সোনকালে এক বৃহৎ নেটৱৰ্ক পৰিসৰত বজাৰলৈ অনা হব বুলি উল্লেখ কৰে বিষয়গৰাকীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: ২৮ তাৰিখে মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰিব উদ্ধৱ থাকৰে

ভিডিঅ প্ৰতক্ষ্য কৰক: Dokmoka Mob Lynching: Abhi-Neel case awaits justice after 1 ½ years

Next Story
চাকৰি