শীৰ্ষ বাতৰি

মণিপুৰত ছহিদবৰণ কৰা জোৱান মাজত অসমৰ প্ৰণয় কলিতা

Sentinel Digital Desk

মণিপুৰত বৃহস্পতিবাৰে এটা বিদ্ৰোহী সংগঠনৰে সংঘটিত সংঘৰ্ষত ছহিদবৰণ কৰা আছাম ৰাইফলছৰ তিনিজন জোৱানৰ মাজত অসমৰো এজন সন্তান আছে। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত এজন হাবিলদাৰেও প্ৰাণ হেৰুৱায়। ছহিদবৰণ কৰা এই হাবিলদাৰজন হৈছে বৰপেটা জিলাৰ প্ৰণয় কলিতা। কলিতাৰ চৰম ত্যাগক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ঘটনাটো বেদনাদায়ক। উগ্ৰপন্থীৰ বৰ্বৰতাৰ হাবিলদাৰ কলিতা নিৰীহ বলি হৈছে মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰিছে।

উল্লেখ্য যে আজি মণিপুৰৰ চাণ্ডেল জিলাৰ ম্যানমাৰ সীমান্তত নিষিদ্ধ ঘোষিত পিপলছ লিবাৰেচন আৰ্মী(পি এল এ)ৰ এটা দলৰ সৈতে আছাম ৰাইফলছৰ এটা তুমুল সংঘৰ্ষ হয়। উগ্ৰপন্থীয়ে অভিযানকাৰী দলক লক্ষ্য কৰি এটা আই ই ডি বিস্ফোৰণ ঘটোৱাৰ লগতে আছাম ৰাইফলছৰ দললৈ লক্ষ্য কৰি ধাৰাসাৰে গুলিবৰ্ষণ কৰে। পাছত সংঘৰ্ষস্থলীত ভাৰতীয় সেনাৰ দল উপস্থিত হয়। সংঘৰ্ষৰ স্থান ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা ১০০ কিলোমিটাৰ দূৰৈত অৱস্থিত।

উল্লেখ্য যে বিদ্ৰোহী এন বিশ্বেশ্বৰ সিঙে ১৯৭৮ৰ ২৫ ছেপ্টেম্বৰত পিপলছ লিবাৰেচন আৰ্মী নামৰ এই উগ্ৰপন্থী সংগঠনটো প্ৰতিষ্ঠা কৰে।