শীৰ্ষ বাতৰি

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰিত বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Sentinel Digital Desk

কাইলৈ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীয়ে ওদালগুৰি জিলাত বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহানগৰ আৰক্ষীৰ আয়ুক্ত তথা বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান (এ ডি জি পি) মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যোৱা এটা দলে জিলাখনৰ বিভিন্ন স্থানৰ পৰা এই অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশা জব্দ কৰা এই অস্ত্ৰ-শস্ত্ৰসমূহৰ মাজত দুটা এ কে-৪৭ ৰাইফল, ৫ টা এ কে ৫৬ ৰাইফল, ২ টা এম-১৬ ৰাইফল, ৭ টা ৯ এম এম পিষ্টল, ২৩টা মেগজিন, ৩৬টা গ্ৰেণেড, ৫টা এইচ ই বোমা, ৭টা ৪০ এম এম গ্ৰেণেড, ২০টা ষ্ট্ৰাইকাৰ স্প্ৰিং, ২০ কিলোগ্ৰাম উচ্চ শক্তিৰ বিস্ফোৰক আদি। এই সম্পৰ্কত অসম আৰক্ষীৰ আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জি পি সিঙে কয় যে গুৱাহাটী আৰু ওদালগুৰি আৰক্ষীয়ে ওদালগুৰিত বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে। অবৈধ অস্ত্ৰমুক্ত অসম গঢ়াৰ চেষ্টা অব্যাহত আছে বুলি তেওঁ টুইটটোত উল্লেখ কৰিছে।