শীৰ্ষ বাতৰি

ৰাজ্যিক মৰ্যদাৰে বীৰ ছহিদ প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন

Sentinel Digital Desk

সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল বীৰ ছহিদ প্ৰণয় কলিতাৰ শেষকৃত্য। মণিপুৰৰ চাণ্ডেল জিলাত কালি এক সংঘৰ্যত হাবিলদাৰ কলিতাসহ আছাম ৰাইফলছৰ তিনিজন জোৱান ছহিদ হয়। আজি হাবিলদাৰ কলিতাৰ নশ্বৰদেহত তেওঁৰ জন্মগাঁৱত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। পাছত তেওঁৰ বৰপেটাৰ পাঠশালাস্থিত গৃহত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ ছহিদবৰণৰ খবৰ পোৱাৰ পাছৰে পৰা কলিতাৰ জন্মগাঁও ঘাটবৰ সাদেৰীত শোকৰ ছাঁ বিৰাজ কৰি আছে।

মৃত্যুৰ সময়ত কলিতাই পত্নীসহ দুটি সন্তানক এৰি থৈ যায়। বীৰ ছহিদজনৰ শেষকৃত্যত বৰপেটাৰ উপায়ুক্ত মুনিন শৰ্মা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং আদিও উপস্থিত থাকে। আজি বিয়লি তিনি বজাত ছহিদ জোৱানজনৰ নশ্বৰদেহ তেওঁৰ জন্মগাঁৱলৈ অনা হয়।

আনহাতে, কলিতাৰ সৈতে ছহিদবৰণ কৰা জোৱানদ্বয় হৈছে ৰাইফলমেন মেথনা কন্যাক আৰু ৰাইফলমেন ৰতন ছাপাম।