শীৰ্ষ বাতৰি

অসমৰ স্থিতি ত্ৰিপুৰাৰ লেখীয়া হ'ব ধৰিছে: মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য

Sentinel Digital Desk

অসমৰ স্থিতি ত্ৰিপুৰাৰ লেখীয়া বৃদ্ধি হ'ব ধৰিছে: মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমৰ স্থিতি ত্ৰিপুৰাৰ দৰে হোৱা দেখা গৈছে। ত্ৰিপুৰাত বৰ্তমান খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হৈছে আৰু খিলঞ্জীয়া লোকৰ সংখ্যা হ্ৰাস পাইহৈছেগৈ । ৰাজ্য খনৰ মুঠ জনসংখ্যা ৪০ লাখ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া ১২ লাখহে। এয়াই মূল কাৰণ যে ৰাজ্যৰ মানুহে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে তীব্ৰতৰভাৱে বিৰোধ প্ৰদৰ্শন কৰি আহিছে ।

১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱস উপলক্ষে সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু মাহালিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সভাত এই কথা ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

এই সভাত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতত ছাউণ্ড ছবি নিৰ্মান কৰা চতুৰ্থ জন‌ ব্যক্তি । কিন্তু এয়া অতি দুৰ্ভাগ্যজনক যে এতিয়াও ভাৰত চৰকাৰে তেওঁক উচিত সন্মান আৰু স্বীকৃতি প্ৰদান কৰা নাই ।‌ লগতে এয়াও অতি দুৰ্ভাগ্য জনক যে ৰাজ্য চৰকাৰে ও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাষ্ট্ৰীয় সন্মান আৰু স্বীকৃতি প্ৰদানত বিফল হৈছে।

ত্ৰিপুৰাত স্বদেশী লোকৰ স্থিতি সম্পৰ্কে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে ৰাজ্য খনৰ ৪০ লাখ জনসংখ্যাৰ মাত্ৰ ১২ লাখহে ত্ৰিপুৰাৰ লোক আছে । এয়াই কাৰণ যে অসমৰ মানুহে তীব্ৰতৰ ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছে । আমি আমাৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । অসমৰ জনসাধাৰণে তেওঁলোকৰ লক্ষ্য পুৰণৰ অৰ্থে তেওঁলোকৰ হৃদয় ফুলৰ দৰে নৰম আৰু শিলৰ দৰে কঠিন কৰিব পাৰে । সাংস্কৃতিক বিপ্লৱ গঢ়ি তোলাৰ অৰ্থে শিল্পী সমাজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। তেওঁ কয় যে দৰঙৰ জনসাধাৰণে অসম আন্দোলনত অংশ গ্ৰহণ কৰিছিল আৰু এয়া উচিত সময় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰে ।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কৰি তেওঁ কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তি‌ সম্পৰ্কে বিধানসভাত ভুল বাখ্যা কৰিছে।‌হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক বিভ্ৰান্ত কৰাৰ বাবে ক্ষমা খুজিব লাগে ।

এই সভাত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ , বাবু, দীক্ষু, নেকিব, জে পি দাস ,অজয় ফুকনৰ লগতে আন বহুতো কৰা কুশলী এই সভাত অংশ গ্ৰহণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা প্ৰদৰ্শন কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA Sit-in Protest observed during Silpi Divas at Nehru Park in Guwahati