ব্ৰু শৰণাৰ্থীৰ সংকটৰ সমাপ্তি, ত্ৰিপুৰাত সংস্থাপনৰ বাবে চুক্তি স্বাক্ষৰ

ব্ৰু শৰণাৰ্থীৰ সংকটৰ সমাপ্তি, ত্ৰিপুৰাত সংস্থাপনৰ বাবে চুক্তি স্বাক্ষৰ

ব্ৰু শৰণাৰ্থীৰ সংকটৰ সমাপ্তি, ত্ৰিপুৰাত সংস্থাপনৰ বাবে চুক্তি স্বাক্ষৰ। ব্ৰু শৰণাৰ্থী সকলক লৈ চলি থকা ২২ বছৰীয়া পুৰণি সংকটৰ অৱশেষত বৃহস্পতিবাৰে নতুন দিল্লীত অৱসান ঘটে । ত্ৰিপুৰাত থকা ৩০,০০০ তকৈ অধিক শৰণাৰ্থীক ৰক্ষাৰ উদ্দেশ্যে ত্ৰিপুৰা চৰকাৰ আৰু মিজোৰামৰ সৈতে নতুন দিল্লীত এক চুক্তি স্বাক্ষৰ হয় । এই বিষয়টোৰ ওপৰত লক্ষ্য ৰাখিয়েই কেন্দ্ৰ চৰকাৰে ৬০০ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। ত্ৰিপুৰাত এই শৰণাৰ্থী সকলৰ ৫,৩০০ টা পৰিয়াল আছে। এই লোক সকল ১৯৯৭ চনত মিজোৰামত হোৱা উপজাতি সংকটৰ সময়ত আহি ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব, মিজোৰামৰ মুখ্যমন্ত্ৰী জৰমাথাংগা , মিজোৰামৰ মুখ্য সচিব , মিজোৰাম ব্লু দিচপ্লেচড পিপুল ফৰ্মৰ নেতা, আৰু অন্য কিছু সংগঠনৰ মাজত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নৰ্থ ব্লক অফিচত হোৱা বৈঠকৰ পিছত এই চুক্তিত স্বাক্ষৰ প্ৰদান কৰা হয়।

চুক্তি অনুসৰি শৰণাৰ্থী সকলক ত্ৰিপুৰাতে বসবাস কৰিব পাৰিব আৰু তেওঁলোকৰ পুণৰ বসতিৰ বাবে সহায় প্ৰদান কৰাৰো হ'ব । এই পদক্ষেপ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব বিগত বৰ্ষত নৱেম্বৰ মাহত তেওঁ শাসনত অহাৰ পিছত গ্ৰহন কৰা হৈছিল আৰু ব্লু শৰণাৰ্থী সকলক বসতি স্থাপনৰ ক্ষেত্ৰত সহমত প্ৰদান কৰিছিল।

চুক্তি অনুসৰি ব্লু শৰণাৰ্থী সকলক ত্ৰিপুৰাৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব । এই সকল লোকৰ বাবে কেন্দ্ৰই আগবঢ়োৱা ৬০০ কোটি টকাৰ ১৫০ কোটি ভূমি অধিগ্ৰহণৰ বাবদ আৰু বাকী টকা খিনি তেওঁলোকৰ কল্যাণ আৰু বিকাশৰ বাবে ব্যয় কৰা হ'ব ।

এই চুক্তি খনক স্বাগতম জনাই মিজোৰামৰ মুখ্যমন্ত্ৰী জৰমাথাংগাই কয় যে এইটো এক ঐতিহাসিক চুক্তি । এই চুক্তি খনৰ ফলত ব্লু সংকটৰ অৱসান ঘটিল আৰু এতিয়াৰ পৰা ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰৰ মাজত কোনো ধৰণৰ ৰাজনৈতিক যুঁজ নাথাকিব ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে কয় যে , " আমি ৰাজ্যৰ ৰেয়াং শৰণাৰ্থী সকলক ৰাজ্যতে বসতি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো । তেওঁলোক নিজৰ মূল অধিকাৰ আৰু অন্য সুবিধাৰ পৰা বঞ্চিত আছে । তেওঁলোকে শৰণাৰ্থী শিবিৰ সমূমত অমানৱীয় পৰিস্থিতিত আছে । কিন্তু এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা লোৱা সিদ্ধান্তৰ ফলত তেওঁলোক এতিয়া ত্ৰিপুৰাতে বসতি স্থাপন কৰিব পাৰিব "।

তদুপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰে একগোট হৈ ব্ৰুৰ পৰিয়াল সকলৰ কল্যানৰ বাবে কাম কৰিব । লগতে তেওঁ ঘোষণা কৰে যে ব্লু শৰণাৰ্থী সকলৰ প্ৰত্যোক পৰিয়ালক ঘৰ নিৰ্মানৰ বাবদ ১.৫ লাখকৈ টকা প্ৰদান কৰা হব । এই অনুদান প্ৰধান মন্ত্ৰীৰ গ্ৰামীণ আৱাস যোজনাৰ আধাৰত প্ৰদান কৰা হব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com