হিমন্ত বিশ্ব শৰ্মাই সদনক বিভ্ৰান্ত কৰিছে : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

হিমন্ত বিশ্ব শৰ্মাই সদনক বিভ্ৰান্ত কৰিছে : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

হিমন্ত বিশ্ব শৰ্মাই সদনক বিভ্ৰান্ত কৰিছে : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে ঐতিহাসিক অসম চুক্তিৰ ভিত্তি বৰ্ষ সম্পৰ্কে বিধানসভাত অনুষ্ঠিত হোৱা বিশেষ অধিবেশনত ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাক অসম চুক্তিৰ ভিত্তি বৰ্ষ সম্পৰ্কে বিভ্ৰান্ত কৰিছে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে , " হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ভিত্তি বৰ্ষ সম্পৰ্কে ভুল বাখ্যা আগবঢ়াইছে । তেওঁ কয় যে বিদেশী চিনাক্ত কৰণ আৰু ভোটাৰ তালিকাৰ পৰা বাতিল কৰা ভিত্তি বৰ্ষ আছিল ১৯৬৬ আৰু দহ বছৰ কোনোৱে থকাৰ পিছত তেওঁ আকৌ ভোটৰ তালিকাত স্থান লাভ কৰিব । কিন্তু অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি বৰ্ষ আছিল ১৯৭১ চনৰ ২৫ মাৰ্চ । এই দুয়োটা ভিত্তি বৰ্ষ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই ভুল বাখ্যা কৰিছে ।

হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ৫ লাখ লোক আহিব বুলি কোৱা মন্তব্যৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে "তেওঁ কেনেদৰে তথ্য লাভ কৰিলে যে অসমত ৫ লাখ হিন্দু বাংলাদেশী প্ৰৱেশ কৰিছে । লগতে তেওঁ কয় যে " ৰাজ্যৰ ১৫ বছৰীয়া মুখ্যমন্ত্ৰী শাসনকালত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ৰাজ্যত প্ৰৱেশ কৰা কোনো লোকৰ আৱেদন লাভ কৰা নাই । ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট হৈ পৰে যে মোৰ শাসন কালত কোনো বিদেশী অসমত প্ৰৱেশ কৰা নাই । তেন্তে ৫ লাখ বিদেশীৰ কেতিয়া প্ৰৱেশ হ'ল ? চৰকাৰে এয়া সুনিশ্চিত কৰিব লাগিব যে অসমত হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে কিমান আৱেদন লাভ কৰিছে" ।

ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে " কংগ্ৰেছক বাদ দি ২০২১ চনত কোনোৱে চৰকাৰ গঠন কৰিব নোৱাৰে। যদিহে কোনোৱে নতুন ৰাজনৈতিক দল গঠনৰ চেষ্টা কৰিছে তেন্তে আমি বিজেপিৰ বিৰুদ্ধে একগোট হৈ যুঁজিম আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থাকিম । লগতে বিশ্বাস কৰো যে ২০২১ চনত বিজেপি নাইকীয়া হৈ যাব" ।

এই সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে সৰ্বানন্দ সোণোৱালে নিজেই বাংলাদেশী খেদা আন্দোলন কৰিছিল আৰু এতিয়া নিজেই বাংলাদেশী আনিব ওলাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com