Begin typing your search above and press return to search.

আমাৰ মূল লক্ষ্য হ'ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা: আছু

আমাৰ মূল লক্ষ্য হল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা: আছু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jan 2020 6:05 AM GMT

আমাৰ মূল লক্ষ্য হ'ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা: আছু। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন‌ ২০১৯ বাতিলৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে হেঁচা প্ৰয়োগ কৰি থকাৰ লগতে ছাত্ৰ সংগঠনটোৱে এটা বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে আছুৰ সভাপতি দিপাংক কুমাৰ নাথে।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত আছুৰ সভাপতি গৰাকীয়ে কয় যে নতুনকৈ গঠন হ'ব লগীয়া বিকল্প ৰাজনৈতিক দলটোৰ শক্তি কি হ'ব আৰু কেনেকৈ পৰিচালিত হ'ব সেয়া সিদ্ধান্ত ল'ব ৰাইজে । অহা ফেব্ৰুৱাৰী মাহৰ পিছৰ পৰাই বিকল্প ৰাজনৈতিক দল গঠনৰ বিষয়টো আগবঢ়াই নিয়াৰ হ'ব ।

লগতে তেওঁ কয় যে, " অসমৰ সংস্কৃতি, অস্তিত্ব আৰু ভূমি ৰক্ষাৰ বাবে নিশ্চয় অসমৰ জনসাধাৰণে এটা বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজন অনুভৱ কৰিছে । আমি ইতিমধ্যে বুদ্ধিজীৱী, কলা কুশলী আদিৰ সৈতে এই বিষয়ে আলোচনা কৰিছো । আমি বিশ্বাস কৰো যে এনেধৰণৰ এটা শক্তিশালী ৰাজনৈতিক দলে কেন্দ্ৰ চৰকাৰক প্ৰত্যাহ্বান জনাব পাৰিব ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে ‌,‌ অসমত সামাজিক বৈষম্য দূৰ কৰি সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষা হোৱাটো বিচাৰো। যাৰ বাবে প্ৰয়োজন এটা বিকল্প ৰাজনৈতিক দলৰ। জনসাধাৰণৰ আজ্ঞা পালন কৰা আছুৰ লগতে সমান বিচাৰ ধাৰা থকা সংগঠন সমূহৰ দায়িত্ব। বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে এটা বৈকল্প ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আছে । কিয়নো বৰ্তমানৰ ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছ আৰু অগপ ই ৰাইজক প্ৰতাৰণা কৰিছে । সেইবাবে জিলা আৰু পৰৱৰ্তী সময়ত ৰাজ্যিক স্তৰত অভিৱৰ্তন হব লাগিব। বিকল্প ৰাজনীতিৰ আধাৰ সম্পৰ্কে ৰাইজৰ সৈতে আলোচনা কৰিব লাগিব।

লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা গৰাকীয়ে কয় যে তেওঁলোকৰ উদ্দেশ্যে ৰাজনৈতিক দল গঠন কৰা নহয় । তেওঁলোকৰ উদ্দেশ্যে হ'ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা। লগতে তেওঁলোকে এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আগবঢ়াই নিব বুলি মন্তব্য প্ৰকাশ কৰে।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত অংশ গ্ৰহণ কৰা বিভিন্ন কলা কুশলী, বিশিষ্ট নাগৰিক, বুদ্ধিজীৱীৰ মুখতো শুনা গৈছে বিকল্প ৰাজনৈতিক দল গঠনৰ কথা ।

২০২১ চনৰ মাৰ্চ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব অসমৰ বিধানসভা নিৰ্বাচন । পৰৱৰ্তী সময়ত দেখা যাব সদৌ অসম ছাত্ৰ সন্থাৰ পদক্ষেপ।

অন্য খবৰৰ বাবে পঢ়ক : কা-এন আৰ চি-এন পি আৰ ৰ বিৰুদ্ধে মুম্বাইত ক্ৰিকেট খেলৰ মাজতে ছাত্ৰৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch Bhogali Bihu preparation from Guwahati ahead ‘Uruka’ (Night before Magh Bihu)

Next Story
চাকৰি