Begin typing your search above and press return to search.

কা-এন আৰ চি-এন পি আৰ ৰ বিৰুদ্ধে মুম্বাইত ক্ৰিকেট খেলৰ মাজতে ছাত্ৰৰ প্ৰতিবাদ

কা-এন আৰ চি-এন পি আৰ ৰ বিৰুদ্ধে মুম্বাইত ক্ৰিকেট খেলৰ মাজতে ছাত্ৰৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jan 2020 11:03 AM GMT

গুৱাহাটী: নাগৰিকত্ব সংশোধনী আইন,এন আৰ চি,এন পি আৰ আদি ক্ষেত্ৰত কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মুম্বাইৰ। ওয়াংখেডে ষ্টেডিয়ামত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ক্ৰিকেট খেলখনত ২৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদত কৰে। ন কা,ন এন পি আৰ ,ন এন আৰ চি আদি শব্দ সম্বলিত টি চাৰ্ট পৰিধান কৰি এই প্ৰতিবাদ কৰি ছাত্ৰ ছাত্ৰী সকলৰ মন্তব্য আমি কোনো প্ৰতিবাদী শ্লোগান দিয়া নাই কিন্তু নীৰৱ ভাবে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বিজয় মাচেন্ত পেভিলিয়নৰ দিশে দৰ্শকৰ আসনত বহি ছাত্ৰ ছাত্ৰী সকলে এই ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে। অন্যহাতে তেওঁলোকৰ কাষত বহি থকা একাংশ দৰ্শকে মোদী ,মোদী বুলি শ্লোগান দিয়ে। ভাৰতীয় ইনিংছ শেষ হোৱাৰ পূৰ্বেই প্ৰতিবাদকাৰী সকলক সেই স্থ।ন ত্যাগ কৰিব কোৱা হয়।

অন্যহাতে ভাৰত অষ্ট্ৰেলিয়া মাজৰ এদিনীয়া ক্ৰিকেট খেল খনত অষ্ট্ৰেলিয়া ১০ উইকেটত বিজয়ী হয়।

অন্য খবৰৰ বাবে পঢ়ক : কিছুমান ৰাজনৈতিক দলে কা-ৰ ক্ষেত্ৰত জনতাক বিভ্ৰান্ত কৰিছে :নৰেন্দ্ৰ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch Bhogali Bihu preparation from Guwahati ahead 'Uruka' (Night before Magh Bihu)

Next Story
চাকৰি