কিছুমান ৰাজনৈতিক দলে কা-ৰ ক্ষেত্ৰত জনতাক বিভ্ৰান্ত কৰিছে :নৰেন্দ্ৰ মোদী

কিছুমান ৰাজনৈতিক দলে কা-ৰ ক্ষেত্ৰত জনতাক বিভ্ৰান্ত কৰিছে :নৰেন্দ্ৰ মোদী

কিছুমান ৰাজনৈতিক দলে কা-ৰ ক্ষেত্ৰত জনতাক বিভ্ৰান্ত কৰিছে : নৰেন্দ্ৰ মোদী । উত্তৰ পূব অঞ্চল বাসীক উদ্দেশ্য কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য নাগৰিকত্ব সংশোধনী আইনত এই অঞ্চলৰ বাবে কিছুমান বিশেষ আইনী ব্যৱস্থা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন নাগৰিকত্ব আইনৰ ক্ষেত্ৰত সচেতনতাৰ সৃষ্টিৰ বাবে যুৱ প্ৰজন্মৰ সহায় সহযোগ আহ্বান জনায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে কয় যে কিছুমান ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী আইন কি হয় বা আইন খন ভালদৰে জনাৰ বাবে কোনো আগ্ৰহ দেখুওৱা নাই বিপৰীতে আইন খন সম্পৰ্কত ৰাইজৰ মাজত এই ৰাজনৈতিক দল সমূহে কিছুমান ভুল ধাৰণা সৃষ্টি কৰি জনসাধাৰণক বিভ্ৰান্ত কৰাৰ হে চেষ্টা কৰিছে।

পশ্চিম বংগৰ বেলুৰ মঠ স্থিত ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্য।লয়ত স্বামী বিবেকানন্দৰ ১৫৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে মন্তব্য কৰে যে,দেশৰ যুৱ প্ৰজন্ম আৰু দেশৰ জনতাক একাংশ ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত ভুল পথে পৰিচালিত কৰিব বিচাৰিছে। লক্ষণীয় ভাবে সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ ঠিক এমাহ পিছত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনে নাগৰিকত্ব প্ৰদান হে কৰিব নাগৰিকত্ব কাঢ়ি নলয়। চৰকাৰে আইনৰ মাধ্যমত নাগৰিকত্ব প্ৰদান কৰিব।

স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী সমগ্ৰে ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিছুমান ৰাজনৈতিক দল নাগৰিকত্ব সংশোধনী আইন খন বুজাৰ বাবে সাজু হোৱা নাই । তেওঁলোকে ভুল ধাৰণা লৈ আছে ।

এই আইন খনত কি আছে? ইয়াৰ আৱশ্যকতা কি? এনেধৰণৰ বিভিন্ন প্ৰশ্ন জনতাৰ মনত আছে । যুৱ সমাজ অত্যন্ত সজাগ । তথাপিও তেওঁলোক ভুল ধাৰণা, ভুৱা প্ৰচাৰ আদিৰ স্বীকাৰ হৈছে । এই সকল লোকক বুজোৱাটো আমাৰ দায়িত্ব । এই আইন খনৰ ওপৰত সন্দেহ দুৰ কৰা আমাৰ কৰ্তব্য বুলি কয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে তেওঁ কয় যে, এই আইন খনে সেই সকল লোকক নাগৰিকত্ব প্ৰদান কৰিব যি সকলে বাংলাদেশ, পাকিস্তান, আৰু আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হ'ব লগীয়া হৈছিল। এনে নহয় যে আমি ৰাতিৰ ভিতৰত এখন নতুন আইন আনিছো । ভাৰতীয় সংবিধান বিশ্বাসী লোক সকলক কিছু আইনী মান্যতাৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰা হব ।

ভাৰত অহাৰ পূৰ্বে শৰণাৰ্থী সকলে সন্মুখীন হোৱা সমস্যাৰ বৰ্ননা কৰি মোদীয়ে কয় যে তেওঁলোকৰ ভগ্নী, জীয়ৰীৰ সন্মান সংকটত আছিল । বিভিন্ন সংকটৰ বাবে বহুতে প্ৰাণ হেৰুৱাইছে । তেওঁ সভাত প্ৰশ্ন কৰে যে এই লোক সকলক আকৌ এবাৰ মৰিবৰ বাবে চৰকাৰে ওভতাই পঠিয়াব লাগে নেকি?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুল ধাৰণাৰ পৰা আঁতৰত থকা যুৱ সকলৰ ওপৰত আনন্দ প্ৰকাশ কৰি কয় যে চৰকাৰে মহাত্মা গান্ধীয়ে দেখুওৱা পথ অনুসৰণ কৰি আছে ,যি নিৰ্যাতিত সংখ্যালঘুৰ নাগৰিকত্ব সমৰ্থন কৰিছিল ।

উত্তৰ পূৰ্বাঞ্চলৰ লোকক আশ্বাস প্ৰদান কৰি তেওঁ কয় যে আইন খনত উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ ব্যৱস্থা আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com