Begin typing your search above and press return to search.

কা-ৰ সৈতে অসম চুক্তিৰ ছয় নং দফাক সংযোগ কৰি জনতাক বিভ্ৰান্ত নকৰিব:সমুজ্জ্বল ভট্টাচাৰ্য

কা-ৰ সৈতে অসম চুক্তিৰ ছয় নং দফাক সংযোগ কৰি জনতাক বিভ্ৰান্ত নকৰিব:সমুজ্জ্বল ভট্টাচাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2020 5:23 AM GMT

কা-ৰ সৈতে অসম চুক্তিৰ ছয় নং দফাক সংযোগ কৰি জনতাক বিভ্ৰান্ত নকৰিব: সমুজ্জ্বল ভট্টাচাৰ্য । সদৌ‌ অসম ছাত্ৰ সন্থাই দিছপুৰ আৰু দিল্লীক সকীয়নি প্ৰদান কৰে যে তেওঁলোকে যাতে ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফাৰ লগত নাগৰিকত্ব সংশোধনী আইনক সংযোগ কৰি অসমৰ জনতাক বিভ্ৰান্ত নকৰে । লগতে ছাত্ৰ সংগঠনটোৱে কয় যে বিগত ৩৪ বছৰে এই দাবী সমূহ অৰ্থাৎ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিবৰ বাবে চৰকাৰক কৈ অহা হৈছে।

ৰবিবাৰে ছহীদ ন্যাসত সাংবাদিকৰ লগত হোৱা কথা বতৰাত সদৌ‌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসম চুক্তি অনুসৰি ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ বিদেশীৰ বোজা লোৱা বিষয়টোৱে সন্নিৱিষ্ট হৈছে লগতে অসমৰ খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা হ'ব । লগতে তেওঁ কয় যে অসম চুক্তিৰ‌ ছয় নং দফাৰ লগত নাগৰিকত্ব সংশোধনী আইনৰ কোনো সম্পৰ্ক নাই । অসম চুক্তিৰ‌ লগত ১৯৭১ চনৰ পৰা ২০১৪ চনলৈ অহা বিদেশীৰ বোজা লোৱা বিষয়টোৰ কোনো সম্পৰ্ক নাই ।

অসম চুক্তি অনুসৰি বিদেশী চিনাক্ত কৰাৰ নিৰ্ধাৰিত তাৰিখ‌ হ'ল ১৯৭১ চনৰ ২৫ মাৰ্চ । আনহাতে নাগৰিকত্ব সংশোধনী আইন অনুসৰি ১৯৭১ চনৰ পৰা ২০১৪ চনলৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু বিদেশী সকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব।

লগতে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনে অসম চুক্তিৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি কয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে দিল্লী আৰু দিছপুৰে নাগৰিকত্ব সংশোধনী আইনক অসম চুক্তিৰ ছয় নং দফাৰ‌ লগত সংযোগ কৰি অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে । চৰকাৰৰ এনে ধৰণৰ প্ৰচেষ্টা সম্পূৰ্ণ অনুচিত। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা এজনো‌‌ বাংলাদেশীৰ বোজা অসমে নলয় ।

তেওঁ কয় যে ছাত্ৰ সংগঠনে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে । তাৰ ভিতৰত অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহত অসমৰ থলুৱা লোকৰ বাবে ১০০% আসন সংৰক্ষণ, বিধানসভা আৰু সংসদ , ৰাজ্যৰ ভূমি আৰু প্ৰাকৃতিক সংসাধনত খিলঞ্জীয়াৰ বিশেষ অধিকাৰ, ৰাজ্য খনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে উচ্চ সদন গঠন, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা, কেন্দ্ৰীয় ক্ষেত্ৰত ১০০% চাকৰি সংৰক্ষণ, ঐতিহাসিক স্থান সত্ৰ আদিৰ সুৰক্ষা প্ৰদান, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণ, বিশেষ সাংবিধানিক মৰ্যদা প্ৰদান আদি ।

অন্য খবৰৰ বাবে পঢ়ক : কা- ৰ বিৰুদ্ধে গুৱাহাটী ক্লাবত অনুষ্ঠিত ‘ৰণশিঙা’ কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ

ভিডিঅ প্ৰতক্ষ্য কৰক: Protesters, who walked all the way from Tinsukia-Guwahati to protest against CAA 2019, Detained!

Next Story
চাকৰি