Begin typing your search above and press return to search.

কা- ৰ বিৰুদ্ধে গুৱাহাটী ক্লাবত অনুষ্ঠিত 'ৰণশিঙা' কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ

কা- ৰ বিৰুদ্ধে গুৱাহাটী ক্লাবত অনুষ্ঠিত ৰণশিঙা কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jan 2020 5:28 AM GMT

কা- ৰ বিৰুদ্ধে গুৱাহাটী ক্লাবত অনুষ্ঠিত 'ৰণশিঙা' কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ।জাতিধ্বংসী , অসম চুক্তিৰ উলংঘা কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জাগি উঠিছে অসমীয়া । এই আইনৰ বিৰোধিতা কৰি কালি গুৱাহাটীৰ ৰাজপথত বজালে ৰণশিঙা । বৃহস্পতিবাৰে গুৱাহাটী ক্লাৱৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা চ'কত বিভিন্ন ক্ষেত্ৰৰ শতাধিক লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 'ৰণশিঙা' কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন লোকবাদ্য বজাই এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই 'ৰণশিঙা' কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন ৩০ টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সকলে শংখ, দবা, খোল,নাগাৰা , বৰকাঁহ, তাল, দোতাৰা, মৃদংগ, টোকা আদি বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ বজাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

এই প্ৰতিবাদী কাৰ্যসূচী সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, অসমৰ সকলো খিলঞ্জীয়া তেওঁলোকৰ ভৱিষ্যত ৰক্ষাৰ বাবে দৃঢ় সংকল্প লৈ ওলাই আহিছে । এয়া কেৱল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দ্বাৰাহে সম্ভৱ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্যৰ উত্তৰ স্বৰূপে তেওঁ কয় যে অসমত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধক কংগ্ৰেছ আৰু বাওঁ পন্থী দল সমূহে সমৰ্থন কৰিছে ।

পূৰ্বৰ বহু কংগ্ৰেছ প্ৰাৰ্থীয়ে এতিয়া বিজেপিত যোগদান কৰাৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে , "জনতাই ৰাজনৈতিক দলৰ বিশিষ্ট চৰিত্ৰ সমূহক চিনি পায়। তেওঁ কয় যে , " আমাৰ লগত ৰাজনীতি নেখেলিব । অন্যথা জনতাই আপোনালোকক উচিত উত্তৰ দিব "। আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে মাঘৰ বিহুৰ মেজিৰ জুইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে , " নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত চৰকাৰে জনসাধৰণক বিভ্ৰান্ত কৰিছে । তেওঁলোকে কৈছে যে কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি এ ডি অঞ্চল সমূহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা নাই। এয়া এইকাৰণে যে এই অঞ্চল সমূহ ষষ্ঠ অনুসূচীৰ অধীনত পৰে আৰু তেওঁলোক নাগৰিকত্ব সংশোধনী আইনৰ বাহিৰত আছে । তেওঁলোকে এনে দায়িত্বজ্ঞানহীন মন্তব্য কিদৰে কৰিব পাৰে "?

শান্তিপূৰ্ণ প্ৰদৰ্শন কাৰী সকলক আহ্বান জনায় সামাজিক কৰ্মী দেবেন দত্তই কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা প্ৰতিবাদ কাৰী সকলক নিয়ন্ত্ৰন কৰাৰ বাবে বিৰোধীক সুযোগ দিব নালাগে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে, "বৃহৎ অসমীয়া সমাজ প্ৰায় একগোট হৈ থাকিব আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব "।

অন্য খবৰৰ বাবে পঢ়ক : কা- বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি হোৱাৰ মাজতে প্ৰধান মন্ত্ৰীয়ে বাতিল কৰিলে অসম ভ্ৰমণ কাৰ্যসূচী

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | AASU launched ‘Ronoxinga’ against Citizenship Amendment Act, 2019

Next Story
চাকৰি