Begin typing your search above and press return to search.

কা- বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি হোৱাৰ মাজতে প্ৰধান মন্ত্ৰীয়ে বাতিল কৰিলে অসম ভ্ৰমণ কাৰ্যসূচী

কা- বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি হোৱাৰ মাজতে প্ৰধান মন্ত্ৰীয়ে বাতিল কৰিলে অসম ভ্ৰমণ কাৰ্যসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jan 2020 6:54 AM GMT

কা- বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি হোৱাৰ মাজতে প্ৰধান মন্ত্ৰীয়ে বাতিল কৰিলে অসম ভ্ৰমণ কাৰ্যসূচী। অহা ১০ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব 'খেলো ইণ্ডিয়া' । শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী 'খেলো ইণ্ডিয়া' ৰ তৃতীয় সংস্কাৰণ উদ্বোধন কৰিবলৈ অসম ভ্ৰমণ কৰাৰ কথা আছিল ।

সূত্ৰই জনোৱা অনুসৰি অসমত চলি থকা বৰ্তমানৰ পৰিস্থিতি উত্তপ্ত হৈ থকা হেতুকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ অনুকূল নহয় ।যাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰে।

দৰাচলতে দেশজুৰি চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।অস্তিত্ব ৰক্ষাৰ বাবে জাগি উঠিছে অসমবাসী । নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সমগ্ৰ জনতা ওলাই আহিছে । অসমৰ প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণ ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে। এই প্ৰতিবাদৰ মাজতেই অহা ১০ জানুৱাৰী তাৰিখৰ পৰা অসমত অনুষ্ঠিত হ'ব 'খেলো ইণ্ডিয়া' । এই 'খেলো ইণ্ডিয়া' ৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ কথা আছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বহু দল সংগঠনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিলে তীব্ৰ বিৰোধৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিছিল ।

কিছুদিন পূৰ্বে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে, " আমি বিচাৰো যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী 'খেলো ইণ্ডিয়া' ৰ বাবে অসমলৈ আহক। তাৰ পিছতেই আমি বিমান বন্দৰৰ পৰা বিৰোধ প্ৰদৰ্শন কৰিম " । লগতে তেওঁ কয় যে , "আমাৰ বিৰোধ দেখি তেওঁ বুজি পাব যে অসমৰ জনগণ এই আইনৰ বিৰোধী আৰু এই আইনৰ ওপৰত সিদ্ধান্তৰ বিষয়ে তেওঁ আকৌ এবাৰ ভাবিব লাগিব" ।

অসমৰ লগতে আন ৰাজ্য সমূহতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে।

ৰবিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰী লংকা টী টুৱেন্টি মেচতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

তদুপৰি অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা বিৰোধৰ বাবেই ১৬ ডিচেম্বৰ ২০১৯ ত আনুষ্ঠিত হ'ব লগীয়া ভাৰত-জাপান সন্মিলন বাতিল কৰা হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : মুখ্যমন্ত্ৰীয়ে অবৈধ অনুপ্ৰবেশকাৰীৰ ৰক্ষক :আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: Vaishnavites sit on 12 hours hunger strike in Sarupathar

Next Story
চাকৰি