মুখ্যমন্ত্ৰী অবৈধ অনুপ্ৰবেশকাৰীৰ ৰক্ষক :আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য

মুখ্যমন্ত্ৰী অবৈধ অনুপ্ৰবেশকাৰীৰ ৰক্ষক :আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য

মুখ্যমন্ত্ৰী অবৈধ অনুপ্ৰবেশকাৰীৰ ৰক্ষক :আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য । মঙ্গলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাস ঘাটকতাৰ আৰোপ লগাই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল "জাতিৰ নায়ক" ৰ পৰা এতিয়া অবৈধ অনুপ্ৰবেশকাৰীৰ ৰক্ষক হৈ পৰিছে ।

নতুন দিল্লীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে , "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক্ষমতাত অহাৰ সময়ত কৈছিল যে তেওঁ অবৈধ অনুপ্ৰবেশকাৰী চিনাক্ত কৰাৰ লগতে বহিষ্কাৰো কৰিব । কিন্তু এতিয়া তেওঁ অবৈধ অনুপ্ৰবেশকাৰীৰ ৰক্ষক হিচাপে কাম কৰি আছে " ।

সমুজ্জ্বল ভট্টাচাৰ্যই নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা উল্লেখ কৰে ।

তেওঁ কয় যে, কেৱল মাত্ৰ অসমে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নাগৰিকত্ব সংশোধনী আইন ২০২৯ স্বীকাৰ নকৰে। ভট্টাচাৰ্যই বিজেপি চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰে।

লগতে তেওঁ কয় যে, " নাগৰিকত্ব সংশোধনী আইন ২০১৯ ত এক নীতি আছে য'ত আছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ অধীনত থকা অঞ্চল সমূহ এই আইনৰ পৰা ৰেহাই পাব । ইয়াৰ দ্বাৰা বুজিব পাৰি যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ফলত এই অঞ্চল সমূহত প্ৰভাৱ পৰিব । যদি এই অঞ্চল সমূহৰ বাবে নাগৰিকত্ব সংশোধনী আইন‌ ২০১৯ ক্ষতিকাৰক তেন্তে অসমৰ অন্য অঞ্চল সমূহৰ বাবে ই কেনেদৰে ঠিক হ'ব পাৰে" ।

আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে লগতে কয় যে, নাগৰিকত্ব সংশোধনী আইনে অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ, সংস্কৃতি, অস্তিত্ব, সামাজিক ক্ষেত্ৰত ভাবুকি প্ৰদান কৰাৰ লগতে খিলঞ্জীয়া লোকৰ মানৱ অধিকাৰ উলংঘন কৰিব । লগতে তেওঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ দাবী কৰে ।

বেংগল ইষ্টাৰ্ণ ফ্লণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩ উঠাই লোৱাৰ আগত ই সমগ্ৰ অসমত ইনাৰ লাইন পাৰ্মিটৰ পদ্ধতিত আছিল আৰু এই কাম এটা ৰাজনৈতিক অন্যায় । অসম চুক্তি অনুসৰি অসমত যাতে অবৈধ অনুপ্ৰবেশকাৰীৰ নাহে সেই কথা নিশ্চিত কৰাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এই ৰেগুলেচনৰ অধীনত‌ ৰখাৰ দাবী কৰে সমুজ্জ্বল ভট্টাচাৰ্যই।

আছুৰ লগতে নেছ'ই যুটীয়া ভাৱে জে এন ইউ ত হোৱা হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে ২ দিনৰ বাবে ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: Vaishnavites sit on 12 hours hunger strike in Sarupathar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com