দিছপুৰে উদযাপন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকী

দিছপুৰে উদযাপন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকী

দিছপুৰে উদযাপন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকী অধিকাৰীক হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সকলৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সকলে পোনপ্ৰথম বাৰৰ বাবে গুৰুজনাৰ জন্ম বাৰ্ষিকী অধিকাৰীক ৰূপত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে গুৰুজনাৰ জন্ম বাৰ্ষিকী জাতীয় বন্ধ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব । লগতে গুৰুজনাৰ জীৱনযাত্ৰা আৰু কৰ্মজীৱন এন চি ই আৰ টি ৰ বিশেষ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ বাবে কেন্দ্ৰক আহ্বান জনাব । এই বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰক পত্ৰ প্ৰেৰণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে সোণোৱালে নগাঁওৰ জিলা উপায়ুক্তক অতিৰিক্ত ৩৫০ বিঘা মাটি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক দিবলৈ কয় ।

শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কয় যে সংঘই নিজাববীয়াকৈ ৫৬ খন বিদ্যালয় আৰু চাৰিখন কলেজ চলাই আছে । লগতে তেওঁলোকে তেওঁলোকৰ শৈক্ষিক কাৰ্যক্ৰমৰ বাবে চৰকাৰী সহায়ৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষা বিভাগক শ্ৰী মন্ত শংকৰদেৱ সংঘক আৰ্থিক অনুদান প্ৰদানৰ ক্ষেত্ৰত পদ্ধতি নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। লগতে সংঘই মুখ্যমন্ত্ৰীক চৰকাৰ আৰু শ্ৰী মন্ত সংঘৰ মাজত এই বুজাবুজিৰ মাধ্যমেৰে শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰশাসন চলাবলৈ অনুৰোধ জনায় । এই অনুৰোধৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংঘৰ পৰৱৰ্তী অধিবেশনৰ বিষয়ে উল্লেখ কৰে । তেওঁলোকে কয় যে পৰৱৰ্তী অধিৱেশনত তেওঁলোকে ভাৰতৰ উপৰাষ্ট্ৰপতিক আমন্ত্ৰন জনাব আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সহায়ৰ আশা কৰিছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সকলক জনাই যে চৰকাৰে ইতিমধ্যে শ্ৰী মন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ বিকাশৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে । ‌লগতে পি ডব্লিউ ডি (আৰ) ক বটদ্ৰৱালৈ যোৱা ৰাস্তাটো বিস্তীৰ্ণ কৰাৰ বাবে আহ্বান জনাইছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com