Begin typing your search above and press return to search.

৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ আহ্বান ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ

৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ আহ্বান ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jan 2020 7:36 AM GMT

৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ আহ্বান ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহে বিজেপি চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে, আইন খন বাতিল কৰাৰ দাবীত লগতে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰোধিতা কৰি অহা ৮ জানুৱাৰী তাৰিখে দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। ৰাজ্যৰ বাওঁ পন্থী সংগঠনে সমৰ্থন জনাইছে ।

সোমাবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক সংবাদমেলত এছ এফ আই , এ আই এছ এফ, এ আই এছ এ, ডি ৱাই এফ আই , এ আই ৱাই এফ , অসম মহিলা সংঘ, অল ইণ্ডিয়া প্ৰগ্ৰেচিভ ৱমেন এচোছিয়েশ্যনৰ লগতে আন বাওঁ পন্থী সংগঠনৰ নেতা সমূহ উপস্থিত থাকে । এই সংবাদ মেলৰ জৰিয়তে সংগঠন সমূহে অহা ৮ তাৰিখে হ'ব লগীয়া প্ৰতিবাদক সকলোৰে সহায় সহযোগিতাৰ জৰিয়তে ধৰ্ণা কাৰ্যসূচী সফল ভাৱে ৰূপায়ন কৰিবলৈ আহ্বান জনায়। সংগঠন সমূহে বিজেপি চৰকাৰৰ শ্ৰম বিৰোধী নীতি লগতে সাম্প্ৰদায়িক আইন প্ৰণয়নৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰে । এই প্ৰতিবাদক বাওঁ গণতান্ত্ৰিক মঞ্চই সমৰ্থন জনাই । তেওঁলোকে জনোৱা অনুসৰি দেশজুৰি আহ্বান কৰা এই প্ৰতিবাদী কাৰ্যসূচী ৮ জানুৱাৰী পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰী ৬ বজালৈ ৰূপায়ন হ'ব ।

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন‌ ২০১৯ বাতিল কৰা, সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা , দেশৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি ব্যাপক কৰ্মসংস্থাপন সৃষ্টিৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা, শ্ৰম সংস্কাৰৰ নামত শ্ৰমিকৰ অধিকাৰ কৰ্তন প্ৰক্ৰিয়া বাতিল কৰা, শ্ৰমিকৰ মাহিলি নূন্যতম মজুৰি ২১,০০০ কৰা, তেল শিল্পকে ধৰি ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহৰ নিৰ্বিনিয়োজন আৰু বেচৰকাৰীকৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি ৰাষ্ট্ৰজোৰা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰি তুলিব ।

ষ্টুডেন্ট ফেডাৰেচন অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক সংগীতা দাসে কয় যে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰা আৰু জনসাধৰণৰ আহ্বান প্ৰত্যাখ্যান কৰাটো সঁচাকৈয়ে সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক । লগতে তেওঁ কয় যে , ছাত্ৰ সকলৰ ওপৰত কৰা অত্যাচাৰ সঁচাকৈয়ে দুৰ্ভাগ্য জনক।

অন্য খবৰৰ বাবে পঢ়ক : তিনি বছৰত কেৱল মাত্ৰ তিনি খন সত্ৰ বেদখলকাৰীৰ পৰা মুক্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: Torch Relay of 3rd Khelo India Youth Games received by District Administration in Kokrajhar

Next Story
চাকৰি