Begin typing your search above and press return to search.

তিনি বছৰত কেৱল মাত্ৰ তিনি খন সত্ৰ বেদখলকাৰীৰ পৰা মুক্ত

তিনি বছৰত কেৱল মাত্ৰ তিনি খন সত্ৰ বেদখলকাৰীৰ পৰা মুক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jan 2020 7:28 AM GMT

তিনি বছৰত কেৱল মাত্ৰ তিনি খন সত্ৰ বেদখলকাৰীৰ পৰা মুক্ত । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বেদখলকাৰীৰ পৰা সত্ৰ সমূহ মুক্ত কৰাৰ বাবে বি জে পি‌ য়ে সংকল্প লৈছিল। কিন্তু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে খনে বিগত তিনি বছৰত মাত্ৰ তিনি খন সত্ৰহে বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। কিন্তু মূল কথাটো হ'ল যে এতিয়াও আন বহু সত্ৰ বেদখলকাৰীৰৰ দখলত আছে ।

দ্যা চেন্টিনেলৰ আগত 'অসম সত্ৰ সহাসভা' ৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে , " সত্ৰৰ ওপৰত বেদখলকাৰীৰ দখল বহু দিনৰ সমস্যা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাক আশ্বাস প্ৰদান কৰিছিল যে সত্ৰ সমূহ মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিব । তেওঁ ৰাজহ বিভাগৰ কৰ্মচাৰীৰ এই সম্বন্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । কিন্তু এয়া অতি দুৰ্ভাগ্য জনক যে এতিয়াও ৰাজহ বিভাগে মুখ্যমন্ত্ৰীৰ আদেশ পালন কৰা নাই " ।

ৰাজ্যৰ শীৰ্ষ সংগঠন বৈষ্ণৱ সত্ৰৰ সভাপতিয়ে কয় যে, " এতিয়ালৈকে বেদখলকাৰী বিৰুদ্ধে অভিযান কেৱল নগাঁও জিলাৰ বৰদোৱা থান, মৰিগাঁও জিলাৰ পাটেকাবাৰী সত্ৰ, আৰু কামৰূপ (এম) জিলাৰ দক্ষিণ পাট সত্ৰতহে চলোৱা হৈছে । কিন্তু বহু সত্ৰ এতিয়াও বেদখলকাৰীৰ হাতত আছে । তদুপৰি ৰাজহ বিভাগে অন্যান্য অঞ্চলৰ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষেত্ৰত আগ্ৰহী দেখা নাযায়। মুখ্যমন্ত্ৰীয়ে এই দিশ সমূহ চালি জাৰি চোৱা উচিত "।

লগতে কুসুম কুমাৰ মহন্তই কয় যে, বহু সত্ৰ কিছুমান সন্দেহজনক নাগৰিক আৰু কিছুমান স্থানীয় লোকৰ দখলত আছে । সম্বন্ধীয় অধিকাৰী সকলে বেদখলকাৰী সকলক চিনাক্ত কৰিব লাগে । অবৈধ ভাৱে দখল কৰা সকলক সম্পূৰ্ণ ৰূপে বেদখল কৰিব লাগে আৰু ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ও কয় কুসুম কুমাৰ মহন্তই। তদুপৰি স্থানীয় লোক সকলক চৰকাৰী ভূমি পাট্টা দিব লাগে বুলি কয় মহন্তই।

বেদখলকাৰী সত্ৰৰ ভূমিৰ পৰিমান সম্পৰ্কে মহন্তই কয় যে , " তথ্য অনুসৰি অসমত ১,২৪২ খন সত্ৰ আছে । মই ব্যক্তিগত ভাৱে এক সমীক্ষা চলাইছো আৰু সমীক্ষা অনুসৰি ৬,৫৫০ বিঘা ভূমি অধৈধ ভাৱে দখলত আছে । কিন্তু ইয়াক যদি পেশাদাৰী হিচাপে সমীক্ষা কৰা যায় তেতিয়া ইয়াৰ পৰিমাণ ১০,০০০ বিঘা ভূমিতকৈ অধিক হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক : প্ৰসংগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ : উচ্চতম ন্যায়ালয়ত শুনানী

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Next Story
চাকৰি