Begin typing your search above and press return to search.

প্ৰসংগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ : উচ্চতম ন্যায়ালয়ত শুনানী

প্ৰসংগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ : উচ্চতম ন্যায়ালয়ত শুনানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jan 2020 7:13 AM GMT

প্ৰসংগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ : উচ্চতম ন্যায়ালয়ত শুনানী।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি)উন্নীতকৰণৰ কাৰ্যব্যৱস্থাৰ ক্ষেত্ৰত বিভিন্ন পক্ষই উচ্চতম ন্যায়ালয়ত তৰা গোচৰ সমূহৰ সোমবাৰে শুনানী আছে উচ্চতম ন্যায়ালয়ত। উল্লেখযোগ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ( এন আৰ চি)কেইবাটাও মূল বিষয় এতিয়াও সমাধান কৰাৰ বাবে বাকী আছে।এন আৰ চিৰ সমাধান নোহোৱা কেইবাটাও বিষয় তাৰ ভিতৰত এন আৰ চিৰ উন্নীতকৰণৰ ক্ষেত্ৰত হোৱা বিভিন্ন বিসংগতিৰ অভিযোগ তাৰোপৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী অৰ্থাৎ এন আৰ চিৰ ৰাজ্যিক সমন্ধয় গৰাকীয়ে ৰিজেকচন অৰ্ডাৰ ঘোষনা নকৰা আদি বিষয় আছে।

২০১৯ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি) ৰ চূড়ান্ত খচৰা ঘোষণা হোৱাৰ পিছত চাৰি মাহ উকলি যোৱাৰ পিছতো এন আৰ চিৰ চূড়ান্ত খচৰাৰ অনুসৰি এন আৰ চিত নাম অন্তভুক্তি হোৱাৰ অযোগ্য ঘোষিত হোৱা ১৯লাখ লোকৰ ভৱিষ্যতৰ ক্ষেত্ৰতো এক অনিশ্চয়তা আহি পৰা দেখা গৈছে। এ পি ডব্লিউ ৰ সভাপতি অভিজিত শৰ্মাই যি মূল গোচৰীয়। তেওঁ সাংবাদিকক মন্তব্য কৰে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অথবা এন আৰ চি ৰ চূড়ান্ত খচৰা যি ঘোষিত হল আমি সেই ক্ষেত্ৰত সন্তুষ্ট হোৱা নাই। বহু বাংলাদেশী নাগৰিক আৰু জেহাদীৰ নামো এন আৰ চি ত অন্তভুক্ত হৈছে।

আমি এই ক্ষেত্ৰত বিভিন্ন তথ্য উচ্চতম ন্যায়ালয়ত জমা দিছোঁ। আমাৰ মূল বিষয় যি আমি আবেদন কৰিছোঁ যে এন আৰ চি ত বিসংগতি হৈছে আৰু সেয়ে অসমৰ এন আৰ চিৰ যাতে পুনৰীক্ষণ কৰা হয়। এ পি ডব্লিউৰ ফালৰ পৰা লগতে জনোৱা হয় যে এ পি ডব্লিউ য়ে উচ্চতম ন্যায়ালয়ত ২০০৯ বৰ্ষতে এক গোচৰ তৰিছিল যি গোচৰ অনুসৰি সংগঠনটোৱে অভিযোগ কৰিছিল যে লাখ লাখ বাংলাদেশীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।সেই গোচৰৰ পিছতেই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে যাতে ১৯৫১ এন আৰ চিৰ উন্নীতকৰণ যাতে কৰা হয়। যি নিৰ্দেশৰ পিছত এন আৰ চি কাম অসমত আৰম্ভ হৈছিল । পিছত সদৌ অসম ছাত্ৰ সন্থাও যি এই ক্ষেত্ৰত মাত মাতি আহিছিল বা এক সবল ভূমিকা লৈ আহিছিল ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আৰু অসমক ৰেহাই দিয়ক : প্ৰফুল্ল কুমাৰ মহন্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Next Story
চাকৰি