নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আৰু অসমক ৰেহাই দিয়ক : প্ৰফুল্ল কুমাৰ মহন্ত

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আৰু অসমক ৰেহাই দিয়ক : প্ৰফুল্ল কুমাৰ মহন্ত

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আৰু অসমক ৰেহাই দিয়ক : প্ৰফুল্ল কুমাৰ মহন্ত । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ আইনী ৰূপত অমান্য কিয়নো এই আইন খন সম্পূৰ্ন অসংবিধানিক। ৰবিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই কথা উল্লেখ কৰে।

তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইন খন আইনসিদ্ধ নহয় , ভাৰতৰ দৰে এখন দেশল এই আইন স্বীকৃতি নহয় । তেওঁ কয় যে ভাৰতবৰ্ষ সাংবিধানিক ৰূপত সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য। কিন্তু নাগৰিকত্ব সংশোধনী আইন সংবিধান বিৰোধী।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কেৰেলা চৰকাৰে ইতিমধ্যে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰনয়ন নকৰাৰ সংকল্প গ্ৰহন কৰিছে । লগতে আন ৮ খন‌ ৰাজ্য ও কেৰেলা চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে।

তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বাতিল কৰাৰ বাবে কেন্দ্ৰৰ হাতত এতিয়াও সময় আছে । অসমক বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ পৰা ৰেহাই দিয়ক । অসমৰ জনতাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা বিৰোধক কেন্দ্ৰই গুৰুত্ব প্ৰদান কৰিব লাগে । কিন্তু এয়া অতি দুৰ্ভাগ্যৰ বিষয় যে ৰাজ্য চৰকাৰে অসমৰ মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে ।

লগতে তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ অনুসৰি বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ অ-মূছলমান লোক সকল যি সকলে ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখৰ আগতে ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব । কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত কোন লোকে ভাৰতত প্ৰৱেশ কৰিছে তাক প্ৰমান কৰাৰ বাবে এই আইন খন নীৰৱ । এয়াই নাগৰিকত্ব সংশোধনী আইনৰ এক অন্তৰ্নিহিত বিপদ । ৩১ ডিচেম্বৰ ২০১৪ চনৰ পিছত ভাৰতত প্ৰৱেশ কৰা হিন্দু প্ৰৱাসী সকলৰ হাততো নাগৰিকত্বৰ বাবে আৱেদনৰ সুযোগ প্ৰদান কৰিব ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, যিয়ে ঐতিহাসিক অসম আন্দোলনত জড়িত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ত মোদীৰ লগত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সাক্ষাৎ কৰিব বিচাৰিছিল। তেওঁ কয় যে, " নাগৰিকত্ব সংশোধনী আইন সংসদত উত্থাপন হোৱাৰ আগতে আইন সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাতৰ বাবে আহ্বান কৰিছিলো" । কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সাক্ষাক নকৰি গৃহ মন্ত্ৰীকহে সাক্ষাৎ কৰিবলৈ কয় বুলি অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com