নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ । জাতি মাটি ভেটি ৰক্ষাৰ বাবে সৰৱ হৈ পৰিছে জনতা । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। ৰবিবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী লৈ পদযাত্ৰা কৰি শিল্পী সমাজ, ছাত্ৰ সমাজ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।‌ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সাধৰণ জনতাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে ড° ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হয় ।

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আহ্বান মৰ্মে ওলাই আহে জনতা । তেওঁ কয় যে, " আমি আমাৰ অৱস্থানত অটল থাকিম । আমি সকলোৰে সমৰ্থন লাভ কৰিছো । যদি অৱশ্যক হয় তেন্তে বৈকল্পিক ৰাজনৈতিক মঞ্চ গঠন কৰাৰো চৰ্চা কৰিব লাগিব । ইয়াৰ বাবে আমি এনে এজন নেতা বাচনি কৰিব লাগিব যিয়ে এই বিষয়টো বুজে আৰু খিলঞ্জীয়া লোকৰ সমস্যা সমাধানৰ বাবে চিন্তা কৰিব " ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, ৯ জানুৱাৰী তাৰিখে অসমৰ জনতাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 'ৰণশিঙা' নামৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব। লগতে কয় যে ছাত্ৰ ছাত্ৰী সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ লগতে অধ্যয়ন কৰিব ও লাগিব । যদিহে 'খেলো ইণ্ডিয়া' ৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহে তেন্তে তেওঁ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব।

তদুপৰি এই প্ৰতিবাদী জনতাক সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে, চৰকাৰে বিভিন্ন প্ৰলোভনেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ কৰা চেষ্টা ইতিমধ্যে ব্যৰ্থ হৈছে। জনতাই স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । জনতাই প্ৰমান কৰিছে যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ জনতাই মানি নলয়।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী মানস ৰবীনে ক‌য় যে , " আমাৰ চৰকাৰলৈ আহ্বান যে তেওঁলোকে অসমৰ জনতাৰ দাবী সমূহ মানি লয় । এতিয়া এই দাবী প্ৰতিবাদৰ ৰূপ লৈছে । চৰকাৰে আমাক যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আছে "।

এই প্ৰতিবাদী কাৰ্যসূচীত গৰিমা শইকীয়া গাৰ্গ, সংগীত পৰিচালক অজয় ফুকন , কণ্ঠশিল্পী ৰূপম ভূঞা লগতে আন বহু কলা কুশলী অংশ গ্ৰহণ কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com