Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত কোনো মন্তব্য প্ৰকাশ নকৰিলে বিৰাট কোহলিয়ে

নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত কোনো মন্তব্য প্ৰকাশ নকৰিলে বিৰাট কোহলিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2020 9:28 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত কোনো মন্তব্য প্ৰকাশ নকৰিলে বিৰাট কোহলিয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতেই আজিৰ পৰা আৰম্ভ হ'ব টি ২০ মেচ । আজিৰে পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত চিৰিজৰ প্ৰথমখন টী - ২০ মেচত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ নেতৃত্বত অৱতীৰ্ণ হ'ব টীম ইণ্ডিয়া। এই খেলত ভাৰতৰ বিৰুদ্ধে খেলিব শ্ৰী লংকাই ।মেচৰ আগে আগে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎ কাৰত নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ অনুসৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানত নিৰ্যাতন বলি হোৱা হিন্দু,শিখ , বৌদ্ধ, জৈন আৰু খ্ৰীষ্টান সকলক যিয়ে ২০১৪ চনৰ ৩১ ডিচেম্বৰ আগতে ভাৰতত প্ৰৱেশ কৰিছে সেইসকল লোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ চলি আছে।

গুৱাহাটীত কিছুদিন পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ওপৰত সাংবাদিকে কৰা প্ৰশ্নত বিৰাট কোহলিয়ে কোনো মন্তব্যৰ পৰা বিৰত থাকে।

বিৰাট কোহলিয়ে কয় যে, " এই আইন খনৰ বিষয়ে মই একো নাজানো । গতিকে দায়িত্ব হীনতাৰ দৰে মন্তব্য কৰা অনুচিত‌ "। লগতে তেওঁ কয় যে এনে এটা সংবেদনশীল বিষয়ত মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰাটো অন্যায় ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত বিজেপিৰ বিশাল সমাবেশ

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Next Story
চাকৰি