নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত বিজেপিৰ বিশাল সমাবেশ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত বিজেপিৰ বিশাল সমাবেশ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত বিজেপিৰ বিশাল সমাবেশ । নাগৰিকত্ব সংশোধনী আইন‌ ২০১৯ ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। এই প্ৰতিবাদৰ মাজতেই শনিবাৰে গুৱাহাটী খানাপাৰা অৱস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়‌ খেলপথাৰত শাসকীয় দল বিজেপিয়ে অনুষ্ঠিত কৰে বুথ সভাপতি আৰু নিৰ্বাচিত প্ৰতিনিধি সন্মিলন । এই সমাবেশত দলটোৱে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত অৱস্থান আৰু কংগ্ৰেছৰ লগতে আন বিৰোধী দলক তীব্ৰ সমালোচনা কৰে। এই সমাবেশত দলৰ নেতা তথা হেজাৰ হেজাৰ কাৰ্যকৰ্তা উপস্থিত থাকে।

এই বিশাল সমাবেশত সম্বোধিত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নাড্ডায়ে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত অপপ্ৰচাৰ চলোৱা বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে , "কংগ্ৰেছৰ হাতত এতিয়া কোনো ইছ্যু নাই । সেয়ে তেওঁলোকে কা- ক ইছ্যু হিচাপে লৈছে। ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখৰ পূৰ্বে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা নিৰ্যাতনৰ বলি হৈ অহা হিন্দু, খ্ৰীষ্টান, পাৰ্চী ,জৈন , শিখ আৰু বৌদ্ধ সকলক নাগৰিকত্ব প্ৰদান কৰি হ'ব। ভাৰতলৈ নতুনকৈ এজনো বিদেশী নাহে"।

আফগানিস্তানত ৫০,০০০ তকৈ অধিক শিখ পৰিয়াল আছে কিন্তু এতিয়া মাত্ৰ ২০০০ তা পৰিয়ালহে আছে । পাকিস্তানত‌ হিন্দু, শিখ, জৈন,পাৰ্চী, আৰু খ্ৰীষ্টান লোকৰ জনসংখ্যা ২৩ শতাংশৰ পৰা হ্ৰাস পালে ৩ শতাংশলৈ । ঠিক একেদৰে বাংলাদেশত সংখ্যালঘু সম্প্ৰদায় জনসংখ্যা ২৩ শতাংশৰ পৰা হ্ৰাস পালে ৭ শতাংশলৈ ।

এই লোক সকল কলৈ গ'ল? তেওঁলোকক বলপূৰ্বক ভাৱে ধৰ্মান্তৰিত কৰা হ'ল নে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পলাই গ'ল? সেই দুৰ্ভগীয়া লোকসকলক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত আশ্ৰয় দিব বিচাৰিছে।

লগতে তেওঁ কয় যে, "কা- অনাৰ সময়ত অসম চুক্তিৰ ৬ নং দফাত গুৰুত্ব আৰোপ কৰা হৈছিল। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষা কৰা চৰকাৰৰ দায়িত্ব। মোৰ কংগ্ৰেছৰ মানসিকতাৰ ওপৰত দয়া ওপজে । মই ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাইছো যে তেওঁ কা- ৰ ওপৰত দহটা বাক্য আৰু কংগ্ৰেছে কিয় বিৰোধিতা কৰে ইয়াৰ ওপৰত দুটা বাক্য কওক " ।

তেওঁ কয় যে, জাতিৰ পিতা মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে ও পাকিস্তানত থকা ভাৰতীয়ক আশ্ৰয় দিয়াৰ পক্ষত আছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ও কৈছিল যে বাংলাদেশত হিন্দু সকল নিৰ্যাতিত হৈ আছে। লগতে এই সম্পৰ্কে সংসদত উত্থাপন কৰাৰ কথাও কৈছিল । এতিয়া এক ডাঙৰ প্ৰশ্ন যে তেওঁ দহ বছৰে কিয় একো নকৰিলে ? তেওঁৰ ত্ৰুটিৰ বাবে আমি এই পদক্ষেপ ল'ব লগীয়া হৈছে । কংগ্ৰেছৰ কাৰণে দেশতকৈ ভোট বেছি গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ বাবে দেশ গুৰুত্বপূৰ্ণ, ভোট নহয় । এই কথা ব্যক্ত কৰে জে পি‌ নাড্ডায়ে ।

এই সমাবেশত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কা- ৰ পৰা কোনো লোকে ভয় খাব নালাগে। ইয়াৰ দ্বাৰা আমাৰ কোনো ক্ষতি নহয়। আইন খনৰ ওপৰত এক অপপ্ৰচাৰ চলিছে । বিগত তিনি বছৰৰ পৰা আমাৰ চৰকাৰে খিলঞ্জীয়া লোকৰ বিৰুদ্ধে কোনো কাম কৰা নাই আৰু কেতিয়াও নকৰে । সমগ্ৰ দেশত ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে। যি সকলে শান্তিপ্ৰিয় লোক সকলৰ মাজত অশান্তি সৃষ্টি কৰি ঘৃণণীয় য়ড়যন্ত্ৰ কৰি আছে তেওঁলোক ৰাজ্য খনৰ শত্ৰু "।

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com