সংবিধানখন ভাৰতৰ বাবে এখন পবিত্ৰ গ্ৰন্থ : কা ই ইয়াক উলংঘা কৰিছে : সীতাৰাম য়েসুৰী

সংবিধানখন ভাৰতৰ বাবে এখন পবিত্ৰ গ্ৰন্থ : কা ই ইয়াক উলংঘা কৰিছে : সীতাৰাম য়েসুৰী

গুৱাহাটী: সংবিধানখন ভাৰতৰ বাবে এক প্ৰবিত্ৰ গ্ৰন্থ : কা ই ইয়াক উলংঘা কৰিছে : সীতাৰাম য়েসুৰী । চি পি আই ( এম ) নেতা সীতা ৰাম য়েসুৰীয়ে কয় যে ভাৰতৰ একমাত্ৰ ধৰ্ম হল সংবিধান। তেওঁ লগতে কয় যে চি পি আই (এম) এ সদায় যুঁজি যাব যেতিয়াই দেশত সংবিধান উলংঘা কৰা হব।

নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ দাবীত গুৱাহাটী ক্লাৱত অনুষ্ঠিত এক প্ৰতিবাদী ৰেলীত বাওঁপন্থী নেতা গৰাকীয়ে লগতে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰ আন্দোলন হৈছে। যেতিয়াই দেশত কোনো অসংবিধানিক কাৰ্য হয় তেতিয়াই আমাৰ দলৰ ফালৰ পৰা ইয়াৰ বিৰোধিতা কৰা হয় কিন্তু তেতিয়াই চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে জনতাক আমি আন্দোলন কৰিবলৈ কৈছোঁ। চৰকাৰৰ ফালৰ পৰা এই টোও কোৱা হৈছে যে আন্দোলনৰ সময়ত হোৱা হিংসাৰ বাবে আমি দায়ী । "এই বুলি বাওঁ পন্থী নেতা গৰাকীয়ে প্ৰতিবাদী ৰেলীত মন্তব্য কৰে। এই প্ৰতিবাদৰ বাবে চৰকাৰ নিজে দায়ী। প্ৰত্যেক ধৰ্মৰে নিজা নিজা ধৰ্মীয় পুথি আছে। মুছলিম সকলৰ কোৰান , খ্ৰীষ্টান সকলৰ বাইবেল আৰু হিন্দু সকলৰ ভাগৱত গীতা আৰু আন আন ধৰ্মৰো নিজা নিজা ধৰ্মীয় পুথি আছে। সেয়া যি কি নহওঁক নিজা ধৰ্মৰ বাদেও ভাৰতীয় হিচাপে আমি সংবিধানক এখন পবিত্ৰ গ্ৰন্থ হিচাপে স্বীকাৰ কৰোঁ। যদিহে কোনোৱে সংবিধান উলংঘা কৰে তেন্তে আমি তাৰ বিৰুদ্ধে যুঁজিম আৰু তাক ৰক্ষা কৰিব চেষ্টা কৰিম।" গুৱাহাটী ক্লাৱত নিজ দলৰ উদ্যোগত হোৱা প্ৰতিবাদী ৰেলীত এনেদৰে মন্তব্য কৰে চিপিআই (এম) নেতাগৰাকীয়ে।

বাওঁপন্থী নেতা গৰাকীয়ে লগতে প্ৰতিবাদী সভাত কয় যে চৰকাৰে কৈছে যে পাকিস্তান,আফগানিস্তান আৰু বাংলাদেশৰ দৰে ওচৰ চুবুৰীয়া ইছলামিক ৰাষ্ট্ৰ কেইখনত ধৰ্মীয় নিৰ্যাতন ৰ বলি হোৱা অ মুছলমান লোক সকলক ভাৰতীয় নাগৰিকত্ব প্ৰফেন কৰা হব। কিন্তু মূল বিষয়টো হল যে সংবিধানৰ কোনটো অধ্যায়ত লিখা হৈছে নাগৰিকত্ব বিষয়টো ধর্মৰ লগত জড়িত। চৰকাৰ খনে মানৱীয়তা শব্দটো সলনি কৰি ধর্ম কৰিলে বুলি চৰকাৰক কটাক্ষ কৰে য়েসুৰীয়ে। এইয়া আমাৰ সংবিধানৰ পৰিপন্থী আৰু ইয়াৰ বিৰুদ্ধে আমি যুঁজিম।বাওঁপন্থী নেতা গৰাকীয়ে গুৱাহাটী ক্লাৱত অনুষ্ঠিত প্ৰতিবাদী ৰেলীত নিজ বক্তব্যত কয় যে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা বিজেপি নেতৃত্ব।ধীন চৰকাৰখনে ভোট বেংক ৰাজনীতি কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Exclusive Interview of Former Assam Chief Minister Tarun Gogoi with THE

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com