Begin typing your search above and press return to search.

ন জনৰ ভিতৰত ৪ জন অসমৰ চাকৰিয়ালক চি বি আই আদালতে প্ৰেৰণ কৰে কাৰাগাৰলৈ

ন জনৰ ভিতৰত ৪ জন অসমৰ চাকৰিয়ালক চি বি আই আদালতে প্ৰেৰণ কৰে কাৰাগাৰলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2020 9:34 AM GMT

ন জনৰ ভিতৰত ৪ জন অসমৰ চাকৰিয়ালক চি বি আই আদালতে প্ৰেৰণ কৰে কাৰাগাৰলৈ।বৃহস্পতিবাৰে চি বি আই আদালতে ৯ জন‌ অভিযুক্তক তিনি বছৰৰ শাস্তি ঘোষনা কৰিছে যাৰ ভিতৰত এজন আছে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সচিব । যি জন বিষয়াক বৃহৎ পৰিমানৰ ধন আত্মসাৎ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে।

চি বি আই আদালতৰ বিশেষ ন্যায়াধীশে তদানীন্তন জিয়াউদ্দিন আহমেদ, সহকাৰী সচিব পশু পালন সচিবালয় অসম, যুগল চন্দ্ৰ শইকীয়া তদানীন্তন সঞ্চালক পশু পালন সঞ্চকালয় গুৱাহাটী, হৃষিকেশ দাস তদানীন্তন স্তৰ কীপাৰ আই চি ডি পি হাউলি পশু পালন সঞ্চকালয় ,এম ৰহমান গাননিক আই চি ডি‌ পি হাউলি,পশু পালন সঞ্চকালয় ক তিনি বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনাৰ বিহে ।

লগতে আদালতে কয় যে ইউ এন গগৈ আৰু কমলেশ ডেকা দুয়োজনে এম/এছ জি এণ্ড বি এন্টাৰপ্ৰাইজ কো গুৱাহাটী অংশীদাৰ , পল্লৱ বৰদলৈ , স্বত্বাধিকাৰী এম এছ জ্যোতি ফাৰ্ম গুৱাহাটী, অৰূপ বৈশ্য এম এছ বি বি এছোছিয়েট গুৱাহাটীৰ স্বত্বাধিকাৰী, আৰু অমৰ জ্যোতি বেজবৰুৱা এম এছ অসম ড্ৰাগচ হাউচ গুৱাহাটী , প্ৰতি গৰাকীক ২৫ হাজাৰ জৰিমনা সহ তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে ।‌

অধিকাৰীয়ে জনোৱা অনুসৰি চি বি আই য়ে পি চি আইন ১৯৮৮ ৰ অধীনত ১৯৯৪ ইউ/এছ ১২০ বি, ৪২০,৪৬৭,৪৭১,৪৭৭ এ, ২০১ আই পি চি আৰু ইউ এছ ১৩(২) আৰ/ডব্লিউ ১৩(১) আৰ/ ডব্লিউ ১৩(১)((ডি) গোচৰ ৰুজু কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : অসমৰ এক ইঞ্চি ভূমিও অনুপ্ৰৱেশকাৰীক লাভ কৰিবলৈ দিয়া নহব : ৰঞ্জিত দাস

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Exclusive Interview of Former Assam Chief Minister Tarun Gogoi with THE SENTINEL DIGITAL

Next Story
চাকৰি