অসমৰ এক ইঞ্চি ভূমিও অনুপ্ৰৱেশকাৰীক লাভ কৰিবলৈ দিয়া নহব : ৰঞ্জিত দাস

অসমৰ এক ইঞ্চি ভূমিও অনুপ্ৰৱেশকাৰীক লাভ কৰিবলৈ দিয়া নহব : ৰঞ্জিত দাস

অসমৰ এক ইঞ্চি ভূমিও অনুপ্ৰৱেশকাৰীক লাভ কৰিবলৈ দিয়া নহব : বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। অসম চৰকাৰে ৰাজ্যিক ভূমি নীতিৰ ক্ষেত্ৰত সিদ্ধান্ত চুড়ান্ত কৰিছে,লগতে আমি প্ৰতিশ্ৰুতিবদ্ধ যে অসমৰ এক ইঞ্চি ভূমিও যাতে অনুপ্ৰৱেশকাৰীসকলে লাভ নকৰে। দিছ্পুৰস্থিত গঁড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত এনেদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। সংবাদমেলখনত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিৰোধী কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিৰোধী কংগ্ৰেছ দলক চোকা সমালোচনা কৰি কয় যে,পূৰ্বতে শাসনত থাকোতে কংগ্ৰেছ দলে অসমৰ খিলঞ্জীয়া সকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কোনো ব্যৱস্থা নললে। তেওঁ লোকে ব্যবস্থা ললে চৰ অঞ্চলত থকা লোকসকলক ভূমি পট্টা দি। কিন্তু তেওঁলোকে খিলঞ্জীয়া জনগোষ্টী সকলৰ বাবে কেতিয়াও চিন্তা নকৰিলে। খিলঞ্জীয়া জনগোষ্ঠী মিছিং,সোণোৱাল আৰু বড়ো যি সকলে এই ভূমিত বহু দিন ধৰি আছে তেওঁলোকৰ বাবে কোনো কাম নকৰিলে।

ৰাজ্য চৰকাৰে হাতত লোৱা ভূমি নীতিৰ লক্ষ্য হল খিলঞ্জীয়া সকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা । ৰাজ্য খনৰ ভূমি পুত্ৰসকলক হে ভূমি পট্টা দিয়াৰ বাবে ব্যৱস্থা লোৱা হব। এই ক্ষেত্ৰত কোনো ৱে প্ৰতিবাদ কৰিলেও আমি কোনো গুৰুত্ব নিদিওঁ বুলি সংবাদমেলত মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। অসমত বিদেশী অবৈধ অনুপ্ৰবেকাৰীসকলৰ প্ৰৱেশ কৰাৰ বাবে কংগ্ৰেছ দলক দোষাৰোপ কৰে বিজেপিৰ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

সংবাদমেলখনত কংগ্ৰেছ দলক সমালোচনা কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দাস ই কয় যে অসম আন্দোলনৰ সময়ত দাবী কৰা ১৯৫১ চনৰ ভিত্তিবৰ্ষৰ সলনি ১৯৭১ চনক ভিত্তিবৰ্ষ অসম চুক্তিত কৰা হৈছিল ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হিচাপে থকাৰ সময়ত । তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ সময়চোৱাতে লাখ লাখ বাংলাদেশী লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰে কোনো ধৰণৰ আবেদন নকৰাকৈ। লাখ লাখ বাংলাদেশী লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰে কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com