Begin typing your search above and press return to search.

ভাৰতীয় সেনাই চীন সীমান্তত গুৰুত্ব দিব : নতুন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰবানে

ভাৰতীয় সেনাই চীন সীমান্তত গুৰুত্ব দিব : নতুন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰবানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2020 7:13 AM GMT

ভাৰতীয় সেনাই চীন সীমান্তত গুৰুত্ব দিব : নতুন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰবানে। ভাৰতৰ নতুন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰবানে বুধবাৰে কয় যে পাকিস্তান সীমান্তত যিমান গুৰুত্ব দিয়া হৈছে তাৰ সমানেই গুৰুত্ব দিয়া হব চীন সীমান্তটো ।সেনা প্ৰধান গৰাকীয়ে লগতে কয় যে, তেওঁ বিশ্বাসী যে ভাৰত চীনৰ সীমা সমস্যা সমাধান হব।

তেওঁ লগতে কয় যে এল এ চি অনুসৰি সীমা নিৰ্ধাৰণ কৰা হৈছে। কিন্তু বিষয়টো হল যে চীনৰ সৈতে এই সীমা সমস্যা সমাধান কৰাটোও অতি গুৰুত্বপূৰ্ণ। শান্তিৰ বাবে দুই দেশে এই বিষয়টো সমাধানৰ পথত আগুৱাব লাগিব। ভাৰতীয় সেনাৰ এক বিশেষ অনুষ্ঠানত এনেদৰে মন্তব্য কৰে সেনা প্ৰধানগৰাকীয়ে।

তেওঁ লগতে পাকিস্তান আৰু চীনৰ সৈতে থকা ভাৰতৰ সীমা সম্পৰ্কত কয় যে দুই দেশৰ সীমান্ত অঞ্চলৰ গুৰুত্ব আমি বুজোঁ আৰু এই দুই দেশৰ সৈতে থকা সীমান্তক সমানেই গুৰুত্ব দিয়া হৈছে। জম্মু কাশ্মীৰৰ বিবাদিত অঞ্চলৰ সমস্যা আৰু সেই অঞ্চলত পাকিস্তানৰ সীমান্তৰ পৰা আহি থকা সঘন ভাবুকি সম্পৰ্কত নতুন সেনা প্ৰধান গৰাকীয়ে কয় যে যি সমূহ ভাবুকি আহিব পৰা সম্ভাৱনা আছে সেই সমূহ নিৰীক্ষণ কৰি থকা হৈছে। জম্মু কাশ্মীৰত যি সমূহ কূটাঘাত হৈ থাকে সেই সমূহ ভৱিষ্যতে নোহোৱা কৰাৰ বাবে সমগ্র পৰিস্থিতি নিৰীক্ষণ ,পৰ্যবেক্ষণ তথা কঠোৰ ভাবে দমন কৰাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে নতুন সেনা প্ৰধান গৰাকীয়ে। সেনাৰ আধুনিকীকৰণ বিষয়ৰ ওপৰতো নতুন সেনা প্ৰধান গৰাকীয়ে কয় যে সেনাৰ আধুনিকীকৰণ অতি গুৰুত্বপূৰ্ণ। নতুন সেনা প্ৰধান মনোজ মুকুন্দ নাৰবানে এ লগতে কয় যে দেশলৈ আহিব পৰা ভাবুকি সমূহো সময় অনুযায়ী বিভিন্ন হব পাৰে সেই অনুসৰি সেই অনুসৰি সেনাৰ আধুনিকীকৰণ ,সেনাক সাজু আৰু সেনাক সষ্টম কৰি ৰখা হয়।

নতুন সেনাপ্ৰধান গৰাকীয়ে মানৱ অধিকাৰৰ ওপৰতো মন্তব্য কৰি কয় যে এই ক্ষেত্রত সেনাই গুৰুত্ব দি আহিছে। ভাৰতীয় সেনাই যি কোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বুলি দেশৰ গুৰুত্বপূৰ্ণ পদবীটোৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছত নতুন সেনাপ্ৰধান গৰাকীয়ে এইদৰে কয়।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁলোকৰ বলিদান ব্যৰ্থ হ’বলৈ নিদিওঁ: সমুজ্জ্বল ভট্টাচাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Forest Minister Parimal Suklabaidya honours elephant calf with ‘Assamese Gamosha’ on Jan 1, 2020

Next Story
চাকৰি