নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁলোকৰ বলিদান ব্যৰ্থ হ'বলৈ নিদিওঁ: সমুজ্জ্বল ভট্টাচাৰ্য

 নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁলোকৰ বলিদান ব্যৰ্থ হ'বলৈ নিদিওঁ: সমুজ্জ্বল ভট্টাচাৰ্য

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁলোকৰ বলিদান ব্যৰ্থ হ'বলৈ নিদিওঁ: সমুজ্জ্বল ভট্টাচাৰ্য । বুধবাৰে গুৱাহাটী অৱস্থিত ছহিদ ভৱনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নিৰাপত্তা ৰক্ষীৰ গুলীত নিহণ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদৌ‌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে ছহীদ সকলৰ বলিদান‌ ব্যৰ্থ হ'বলৈ নিদিওঁ। ৰাজ্য‌ চৰকাৰৰ প্ৰতি নিন্দা প্ৰকাশ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে খনে ছাত্ৰ, যুৱ সমাজ আৰু নিৰীহ মানুহক হত্যা কৰিছে । কিন্তু এই গম্ভীৰ বিষয়টোৰ ওপৰত তেওঁলোকে নিৰৱতা অৱলম্বন কৰি আছে ।

এই অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰ জ্যোতি চৌধুৰী, শিক্ষা বিদ বসন্ত ডেকাৰ লগতে ছাত্ৰ ছাত্ৰী, কলা কুশলীৰ‌ লগতে আন বহুতো গন্য মান্য ব্যক্তি। এই সকলোবোৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ছহীদ হোৱা লোকসকলৰ বাবে অনুষ্ঠিত হোৱা 'বন্তি প্ৰজ্বলন' অনুষ্ঠনত উপস্থিত থাকি ছহীদ সকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই চৰকাৰক সকিয়নী দি কয় যে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা নহয় তেতিয়ালৈকে জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত থাকিব। তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ দ্বাৰা অসমৰ জনসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে । সেইবাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলিত হৈ কৰা অন্যায়ক ৰখাব লাগে ।

ইয়াৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত অসমৰ জনসাধাৰণক মিলিত হবলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। লগতে তেওঁ কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতা কৰি যাব এই আইন কেতিয়াও নামানে । লগতে এই আইনৰ বিৰুদ্ধে সন্ধিয়া সংশ্লিষ্ট এলেকাত এই আইনৰ বিৰুদ্ধে বন্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com