Begin typing your search above and press return to search.

মোৰ জাতীয় চেতনা আছে আৰু সদায় থাকিব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মোৰ জাতীয় চেতনা আছে আৰু সদায় থাকিব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2020 6:03 AM GMT

মোৰ জাতীয় চেতনা আছে আৰু সদায় থাকিব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত সাংবাদিক সকলে ও এই আইনৰ বিৰুদ্ধে বিৰোধিতা কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰঢ় নিয়ম সমূহত কেন্দ্ৰক উপদেশৰ ৰূপত কিছুমান মহত্বপূৰ্ণ বিষয় প্ৰেৰণ কৰিছে যাতে অসমৰ খিলঞ্জীয়া লোকৰ বাবে এক সুৰক্ষা কবচ হিচাপে পৰিগণিত হয়। লগতে তেওঁ কয় যে যেতিয়া আইন খনৰ নিয়ম ৰাজহুৱা কৰা হ'ব তেতিয়া সকলো কথা স্পষ্ট হৈ পৰিব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, " ৰাজ্যৰ জনসাধাৰণে মোক এঘৰীয়া কৰিছে। সকলোকে এক ধাৰণা দিয়া হৈছে যে মই ৰাজ্যৰ থলুৱা জনসাধাৰণক লৈ বিপৰ্যয় মাতি অনিম । কিন্তু সত্য কথা এয়ে যে মই ভূমি পুত্ৰ।মই বিধায়ক, সাংসদ আৰু এতিয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো একমাত্ৰ ৰাজ্যৰ মানুহৰ আস্থা আৰু বিশ্বাসৰ বাবে। মই কেনেকৈ নিজৰ মানুহক বিশ্বাসঘাটকতা কৰিব পাৰো ।আমি অসমৰ স্বদেশী জনসাধাৰণৰ হৈ এক নীতি তৈয়াৰ কৰি আছো। কিন্তু এতিয়াই এই বিষয়ে প্ৰকাশ নকৰো"।

তেওঁ কয় যে, বহু লোকে তেওঁক কটাক্ষ কৰিছে যে তেওঁ বিজেপি ৰ ওচৰত আত্মসমৰ্পণ কৰিছে । লগতে তেওঁ কয় যে, " মই এজন অসমীয়া । মই ৰাষ্ট্ৰীয় দলত যোগদান কৰিলো বুলিয়েই জাতীয় চেতনা বাদ নিদিওঁ। মোৰ জাতীয় চেতনা আছে আৰু সদায় থাকিব "।

অসম চুক্তিৰ ৰূপায়নৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, " মোৰ উচ্চ স্তৰীয় কমিটীত সম্পূৰ্ণ বিশ্বাস আছে। ইয়াৰ দ্বাৰা অসমীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা হ'ব"।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলন সন্দৰ্ভত কয় যে চাহ বাগিছা আৰু গাওঁ অঞ্চলৰ জনসাধাৰণৰ মাজত এক ভূল আৰু বিভ্ৰান্ত মূলক প্ৰচাৰ চলাইছে যে বিদেশী লোকে তেওঁলোকৰ ভূমি আৰু জীৱিকাত হস্তক্ষেপ কৰিব । কংগ্ৰেছ আৰু বাওঁ পন্থী দলে ইয়াৰ দ্বাৰা ৰাজনৈতিক লাভালাভ প্ৰাপ্ত কৰি আছে। অসমত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভ কৰিব পৰা লোকৰ সংখ্যা অতি কম আৰু ই অসমৰ অস্তিত্ব, সংস্কৃতি আৰু সাহিত্যত প্ৰভাৱ নেপেলায় বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

তদুপৰি তেওঁ কয় যে ৩১ ডিচেম্বৰ ২০১৪ চনৰ পিছত ভাৰতলৈ অহা কোনো লোকক নাগৰিকত্ব প্ৰদান কৰা নহ'ব । নাগৰিকত্বৰ বাবে আৱেদন কৰা তথ্য সমুহ সম্পূৰ্ণ ৰূপে পৰীক্ষা কৰা যাব । ৰাজ্যৰ জনসাধাৰণক তেওঁৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অন্য খবৰৰ বাবে পঢ়ক : কা বিৰোধী প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে অসম পৰ্যটন

ভিডিঅ প্ৰতক্ষ্য কৰক: Cotton University Students take out postering campaign as a gesture of protest against CAA 2019

Next Story
চাকৰি