শীৰ্ষ বাতৰি

অযোধ্যাৰ সিদ্ধান্তক কোনো পক্ষৰে জয় পৰাজয় হিছাপে ল’ব নালাগেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

সন্মানীয় উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ সন্দৰ্ভত নিজৰ ৰায় প্ৰদান কৰিলে ৷ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক কেতিয়াও কোনো পক্ষৰ জয় পৰাজয় হিছাপে ল’ব নালাগে ৷ শনিবাৰে এনেদৰে ফেচবুকত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে ৰাম ভক্তিয়েই হওঁক বা ৰহিম ভক্তিয়েই হওঁক। আমি ৰাষ্ট্ৰ ভক্তিৰ ভাবনাকহে শক্তিশালী কৰিব লাগে।

লগতে শান্তি আৰু সম্প্ৰীতি ভাব শক্তিশালী হ’ব লাগে ৷ ফেচবুকত এনেদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অযোধ্যাক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত উল্লেখযোগ্য ৷কাৰণ যিকোনো বিবাদক আইনৰ যথাযথ ব্যৱহাৰে সমাধান কৰিব পাৰি ৷ ইয়াৰ দ্বাৰা আমাৰ ন্যায়পালিকাৰ স্বাধীনতা,পাৰদৰ্শিতাৰ বিষয়ে জানিব পাৰি ৷

লগতে স্পষ্ট হয় যে আইনৰ সন্মুখত সকলো সমান । উচ্চতম ন্যায়ালয়ৰ আজিৰ শুনানিত ১৩০ কোটি ভাৰতীয়ই শান্তি,সম্প্ৰীতি বৰ্তাই ৰাখিছে।গতিকে এনেদৰে অনাগত দিনত একতাৰ এই ভাৱনাই আমাৰ দেশক বিকাশৰ পথত আগুৱাই নিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :CM Sonowal inaugurates National Livestock and Poultry Show 2019