Begin typing your search above and press return to search.

ৰাম জন্মভূমিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে আৰএছএছ প্ৰধান মোহন ভাগৱতে

ৰাম জন্মভূমিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে আৰএছএছ প্ৰধান মোহন ভাগৱতে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2019 8:44 AM GMT

ৰাম জন্মভূমিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে আৰএছএছ প্ৰধান মোহন ভাগৱতে । ৰাম জন্মভূমিক ভগৱান ৰামক দিয়াৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক স্বাগতম জনাইছে আৰএছএছৰ প্ৰধান মোহন ভগৱতে ৷ এই সন্দৰ্ভত মোহন ভগৱতে কয় যে তেওঁ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মোহন ভাগৱতে কয় যে আমি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক স্বাগতম জনাইছো।

বহু দশকৰ পৰা এই গোচৰটো চলি আছে। সম্প্ৰতি ইয়াৰ ইয়াৰ এটা সৰ্বসন্মতি সিদ্ধান্ত হৈছে। গতিকে সকলোৱে এই বিষয়টোক জয় পৰাজয় হিচাপে গ্ৰহণ কৰিব নালাগে ।আমি শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবৰ কাৰণে সকলোৰে প্ৰচেষ্টাক আদৰণি জনাইছো। মোহন ভাগৱতে লগতে কয় যে এই সিদ্ধান্তই বহু দিনীয়া বিতৰ্কক নিষ্পত্তি কৰাৰ কাৰণে পথ প্ৰশস্ত কৰিলে।

আনহাতে আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সংস্থাপক সভাপতি ড° প্ৰবীণ তোগড়িয়াই ৰাম মন্দিৰ তথা উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰসংগত কয় যে ৪৫০ বছৰতকৈ অধিক সময় ৰাম মন্দিৰৰ ৰাম জন্ম ভূমিক লৈ বিবাদ হৈ আছে। লাখৰো অধিক হিন্দুৱে ইয়াৰ কাৰণে জীৱন, পৰিয়াল,কেৰিয়াৰ সকলো ত্যাগ কৰি দিলে। আজি উচ্চতম ন্যায়ালয়ে শ্ৰী ৰাম মন্দিৰৰ কাৰণে ভূমি দান কৰা প্ৰসংগতো যথেষ্ট উল্লেখযোগ্য। আমি আশা কৰিছো চৰকাৰে অনতিপলমে অযোধ্যাত ৰাম মন্দিৰ স্থাপন কৰিব ৷লগতে সকলোকে গণতান্ত্ৰিক শান্তি ৱৰ্তাই ৰাখিবলৈ আহ্বান কৰে প্ৰবীণ তোগাড়িয়াই।

অন্য খবৰৰ বাবে পঢ়ক:ঐতিহাসিক সময়:কৰতাৰপুৰ কৰিডৰ মুকলিৰ কাৰণে নৰেন্দ্ৰ মোডীয়ে ধন্যবাদ জ্ঞাপন কৰিলে ইমৰাণ খানক

ভিডিঅ প্ৰতক্ষ্য কৰক :Strict Traffic Laws enforced in Biswanath, Several fined for violations!

Next Story
চাকৰি