Begin typing your search above and press return to search.

ঐতিহাসিক সময়:কৰতাৰপুৰ কৰিডৰ মুকলিৰ কাৰণে নৰেন্দ্ৰ মোডীয়ে ধন্যবাদ জ্ঞাপন কৰিলে ইমৰাণ খানক

ঐতিহাসিক সময়:কৰতাৰপুৰ কৰিডৰ মুকলিৰ কাৰণে নৰেন্দ্ৰ মোডীয়ে ধন্যবাদ জ্ঞাপন কৰিলে ইমৰাণ খানক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2019 8:05 AM GMT

পাকিস্তান চৰকাৰে শিখসকলৰ বহু প্ৰতীক্ষিত দাবীক বাস্তৱায়িত কৰিছে। আৰু পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে শনিবাৰে গুৰুদ্বাৰা দৰবাৰ চাহেব আৰু কৰতাৰপুৰ কৰিডৰ উদ্ধোধন কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে পঞ্জাৱৰ ডেৰা বাবা নানকত কয় যে কৰতাৰপুৰ কৰিডৰক অতি কম সময়ৰ ভিতৰত নিৰ্মাণ কৰাৰ কাৰণে মই ইমৰাণ খানক ধন্যবাদ জ্ঞাপন কৰিছো।

লগতে কৰতাৰপুৰ কৰিডৰত নিয়োজিত শ্ৰমিক সকলকো ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কাৰণ তেওঁলোকে সীমিত সময়ৰ ভিতৰত কৰিডৰৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিলে। মোডীৰ মন্তব্য যে মোৰ সৌভাগ্য যে আজি মই দেশক কৰতাৰপুৰ কৰিডৰত সমৰ্পিত কৰিছোঁ ৷ মোডীয়ে বিশ্বৰ বিভিন্ন লোকৰ লগতে শিখসকলৰ ভাতৃ ভগ্নীসকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোডীয়ে গুৰু নানকৰ সন্দৰ্ভত কয় যে গুৰু নানক মানৱতাৰে পৰিপূৰ্ণ ৷গুৰু নানক এজন গুৰু হোৱাৰ লগতে জীৱনৰ আধাৰ ৷ সংসাৰত মানৱ সেৱা গ্ৰহণ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি ৷আমি সমাজত সদ্ভাৱ বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। ভাৰতৰ প্ৰতি অহিত চিন্তা কৰা লোকসকলক সতৰ্ক কৰিব লাগিব। আনহাতে ভাৰত পাকিস্তান চুক্তিত কোৱা হৈছে যে প্ৰতিদিনে পাঁচ হাজাৰ শিখ তীৰ্থ যাত্ৰীয়ে কৰিডৰৰ দ্বাৰা গুৰুদ্বাৰলৈ যাত্ৰা কৰিব ৷শিখ যাত্ৰীসকলৰ সুবিধাৰ কাৰণে চৰকাৰে ১৩০ টা কাউন্টাৰ স্থাপন কৰিছে। য’ত তেওঁলোকৰ যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰা হ’ব ।ইফালে কৰতাৰপুৰৰ গুৰুদ্বাৰা দৰবাৰ চাহেব হৈছে শিখ সকলৰ দ্বিতীয়খন ধৰ্মীয় পবিত্ৰ স্থান। এই পবিত্ৰ স্থানখন লাহোৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷

অন্য খবৰৰ বাবে পঢ়ক:আচৰিত:গুগলত ভিখাৰী চাৰ্চ কৰিলে ওলাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো

ভিডিঅ প্ৰতক্ষ্য কৰক :80 Students fell sick in Tinsukia after consuming Mid-day Meal

Next Story