শীৰ্ষ বাতৰি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশৰ প্ৰাকমুহুৰ্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

Sentinel Digital Desk

অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাব ৩১ আগষ্টত ৷ সেয়েহে মাজত মাথো ১৭ দিন ৷যিমানে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দিন চমু চাপি আহিছে সিমানে সস্ত্ৰম হৈছে প্ৰশাসন ৷গতিকে ৰাজ্যৰ সুৰক্ষা ব্যৱস্থাত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷অসম আৰক্ষীৰ লগতে ৰাজ্যৰ গৃহ বিভাগে সুৰক্ষাৰ বেষ্টনী কটকটীয়া কৰি তুলিছে ৷

ৰাজ্য চৰকাৰে ১৪ খন জিলাত সংবেদনশীল হিচাপে চিনাক্ত কৰিছে ৷ আৰু অতিৰিক্ত চিএপিএফ কৰ্মীক গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছে ৷ বৰাক, নামনি অসম আৰু মধ্য অসমত সংবেদনশীল জিলা আছে ৷ ৰাজ্যত প্ৰায় ৩০০ আৰক্ষী থানাই ২৫০০ এনআৰচি সেৱা কেন্দ্ৰত সুৰক্ষা কটকটীয়া কৰি তুলিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মতে চিএপিএফৰ ১৪৫ টা অতিৰিক্ত দল নিয়োগ কৰিছে ৷ইয়াৰে ৯০ টা কম্পনী এনআৰচিৰ কাৰণে নিয়োগ কৰা হৈছে ৷

ইয়াৰে ৫৫ টা কম্পনীয়ে ৰাজ্যৰ আইন কানুন ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ আৱশ্যক হ’ব ৷ ইফালে বৰ্তমান অসমত ১৬৪ টা চিএপিএফ কম্পনী আছে ৷ আনহাতে চিএপিএফ কম্পনীৰ সংখ্যা ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ সময়ত বহুত আছিল ৷সেই সময়ত চিএপিএফৰ সংখ্যা আছিল ২০৯ টা ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মন্তব্য যে ২০১৮ চনৰ ৩০ জুলাইত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ আৰু সাম্প্ৰতিক সময়তো চৰকাৰে এনআৰচিৰ কাৰণে সুৰক্ষা কটকটীয়া ব্যৱস্থা কৰিছে ৷