Begin typing your search above and press return to search.

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2019 6:45 AM GMT

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মংগলবাৰে নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷এই বৈঠকখনত ৩১ আগষ্টত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশৰ পিছত ল’ব লগা আইন কানুন ব্যৱস্থাৰ ওপৰত চৰ্চা কৰে। লগতে ৰাজ্যত চলিত বৰ্ষত বানে কৰা বিভিন্ন ক্ষয় ক্ষতিৰ সন্দৰ্ভে গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰোৱাই সোনোৱালে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চূড়ান্ত এনআৰচি প্ৰকাশৰ সময়ত আইন কানুন ব্যৱস্থা যাতে সূচাৰূপে থাকে তাৰ কাৰণে সহায় প্ৰয়োজনীয় ব্যৱস্থা ল’ব বুলি সকলোকে আশ্বাস দিয়ে ৷ ইফালে অসমত সাম্প্ৰতিক বান পৰিস্থিতিৰ পিছত হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অৱগত কৰাই লগতে বান হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভে বিস্তৃত বিৱৰণ দিয়ে ৷আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত পুনৰ নিৰ্মাণৰ কাৰণে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায় কৰিবলৈ আশ্বাস দিয়ে ৷

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে বৰাক ব্ৰহ্মপুত্ৰ,পাহাৰ ভৈয়ামৰ সকলো লোকে এন আৰ চিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায় সহযোগিতা কৰিছে ৷ এন আৰচি প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ অন্তৰ্গতত হৈ আছে ৷সোনোৱালে সকলো লোককে এনআৰচি প্ৰকাশৰ পিছত শান্তি পূৰ্ণ পৰিবেশ বৰ্তাই ৰাখিবৰ কাৰণে আহ্বান কৰে ৷

মন কৰিবলগীয়া যে নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি চোৰাংচোৱাই আশংকা প্ৰকাশ কৰিছে ৷গতিকে যিমানে নাগৰিক পঞ্জীৰ দিন চমু চাপি আহিছে সিমানে তৎপৰ হৈ উঠিছে প্ৰশাসন। গতিকে ৰাজ্যৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ অত্যন্ত উদ্বিগ্ন হৈ পৰিছে কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এই বৈঠকৰ আয়োজন কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক: দক্ষিণ শালমাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP and Gorkha Students’ Union staged protest in Tinsukia

Next Story
চাকৰি