দক্ষিণ শালমাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

দক্ষিণ শালমাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে বানে প্ৰভাৱিত কৰা দক্ষিণ শালমাৰা মানকাছাৰ জিলাত উপস্থিত হৈ জিলাখনে বানে প্ৰভাৱিত কৰা লোকসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় ৷বিধায়ক ড° ৰনুজ পেগুৰ সহিতে মুখ্যমন্ত্ৰী সোনোৱালে বানে প্ৰভাৱিত কৰা শিশুমাৰা সীমান্ত প’ষ্ট ক্ষেত্ৰৰ লগতে অন্যান্য অঞ্চলসমূহ পৰ্যবেক্ষণ কৰে ৷

লগতে জিলা প্ৰশাসনৰ সৈতে কথা পাতি সকলো ধৰণৰ সহায় সহযোগিতা প্ৰদান কৰিবলৈ কয় ৷মুখ্যমন্ত্ৰী সোনোৱালে সীমান্তৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু সীমান্ত সুৰক্ষা বলৰ জোৱানসকলৰ সকলো ক্ষেত্ৰতে সজাগ হৈ থাকিবলৈ কয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জিলা প্ৰশাসন আৰু বিএচএফক সীমান্তৱৰ্তী অঞ্চলত বিদ্যুত প্ৰদান কৰিবলৈ আহ্বান কৰে ৷কাৰণ সেই অঞ্চলসমূহত বানৰ কাৰণে বিদ্যুতৰ যোগাযোগ বন্ধ কৰি দিয়া হৈছিল ৷ গতিকে মুখ্যমন্ত্ৰী সোনোৱালে এপিডিচিএলক বিদ্যুতৰ বিতৰণ সুনিশ্চিত কৰিবলৈ আহ্বান কৰে । আৰু কৰ্মৰত বিষয়াসকলৰ লগতে মত বিনিময় কৰে।

সীমান্তৱৰ্তী অঞ্চলত সোনোৱালৰ যাত্ৰাৰ সময়ত ডিআইজি ৰোনক আলী হাজৰিকা,বিএছ এফ ৬ নম্বৰ বেটেলিয়নৰ কামাণ্ডেন্ট,উপায়ুক্ত, আৰক্ষী অধীক্ষকো উপস্থিত আছিল ৷মুখ্যমন্ত্ৰী সোনোৱালে হাতীশিঙীমাৰি উপায়ুক্তৰ কাৰ্যালয়ত হোৱা বৈঠকৰ সভাপতিত্ব কৰে। এই বৈঠকত উপায়ুক্ত অতিকা চুলতানাই বানৰ কাৰণে হোৱা ক্ষয় ক্ষতিৰ বিষয়ে প্ৰতিবেদন দাখিল কৰে ৷তাত উল্লেখ আছে যে বানে নখন জিলাৰ দুটা ৰাজহ চক্ৰক প্ৰভাৱিত কৰিছে ৷য’ত ৫ লাখ ৫৪ হাজাৰ লোক প্ৰভাৱিত হয় ৷ আৰু বানে প্ৰভাৱিত কৰে ১৪৩ টা ৰাজহ চক্ৰক ৷

সোনোৱালে জিলাখনত উদ্ধাৰ আৰু বানাক্ৰান্তসকলক কৰা সহায়ৰ বিষয়ে পৰিদৰ্শন কৰে ৷ উপায়ুক্তক জিলাৰ খনৰ বানে প্ৰভাৱিত কৰা লোকসকলক পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য্য যোগদান ধৰিবলৈ আহ্বান কৰে ৷স্বাস্থ্য বিভাগক যাৱতীয় ব্যৱস্থা ল’বলৈ কোৱাৰ লগতে বানাক্ৰান্তসকলক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ আহ্বান কৰে। লগতে কৃষি বিভাগক বীজ যোগান ধৰিবলৈ কয় ৷ যাতে সকলোৱে খেতি কৰিব পাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পশু চিকিৎসা আৰু পশুপালন বিভাগক বানাক্ৰান্ত অঞ্চলসমূহত মহামাৰী ন’হবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ কৰে ৷ লগতে বিদ্যুত বিভাগক বানৰসময়ত যিকোনো দুৰ্ঘটনা ন’হবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ কয় ৷ উল্লেখ্য যে বৈঠকত সময়ত সকলো বিভাগীয় কৰ্তৃপক্ষ উপস্থিত আছিল ৷

বানৰ প্ৰভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ৯০ শতাংশ জলমগ্ন কৰিছে ৷যাৰ কাৰণে জীৱ জন্তুসমূহ ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই মন্তব্য কৰিছে যে সম্প্ৰতি অভয়াৰণ্য খনত বানৰ প্ৰকোপ হ্ৰাস পাইছে ৷ এজন কৰ্তৃপক্ষই মত অনুসৰি বানৰ পৰিমাণ সম্প্ৰতি হ্ৰাস পাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com