Begin typing your search above and press return to search.

বঙাইগাঁওত অপৰিবৰ্তিত বান পৰিস্থিতি: তিনি দিন ধাৰাষাৰ বৰষুণত স্তব্ধ জন জীৱন

বঙাইগাঁওত অপৰিবৰ্তিত বান পৰিস্থিতি: তিনি দিন ধাৰাষাৰ বৰষুণত স্তব্ধ জন জীৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 10:02 AM GMT

তিনি দিন ধৰি ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত বঙাইগাঁও জিলাত স্তব্ধ হৈ পৰিছে জন জীৱন। অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বুধবাৰৰ পৰা বতৰ কিছু উন্নত হৈছে যদিও এতিয়াও জলমগ্ন হৈ আছে বহু অঞ্চল। বঙাইগাঁও জিলাৰ মাজেৰে প্ৰবাহিত আই-মানস নদীৰ জলপৃষ্ঠ বৰ্তমানেও বিপদসীমাৰ ওপৰৰে বৈ আছে । আই আৰু ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠয়ে এতিয়া জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।

একেৰাহে ধৰি তিনি দিন বৰষুণ দি থকাৰ ফলত জিলা খনৰ বহুতো গাঁও পানীৰ তলত । সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধিনত ৮২ খন গাঁও, ৪৪ বিজনী, বৈতামাৰী ৪৩ খন , বঙাইগাঁওৰ ৬ খন গাঁও জলমগ্ন । বঙাইগাঁও জিলা আৰু উত্তৰ শালমাৰীত প্ৰশাসনে সাহাৰ্য্য প্ৰদান কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছে ।

সমগ্ৰ ৰাজ্যৰ বানত বুধবাৰে ছয়জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ভূমিস্খলনত হোৱা দুজন লোকৰ মৃত্যুৰ সহিতে ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে ধাৰাষাৰ বৰষূণৰ পিছত আৰু ভূটানৰ কুৰিশু নদীৰ বান্ধৰ পৰা অতিৰিক্ত পানীয়ে নামনি অসমৰ পৰিস্থিতি বিপদজনক কৰিব পাৰে ।বৰপেটা,কোকৰাঝাৰ, নলবাৰী,বঙাইগাঁও আৰু চিৰাং জিলাত সম্প্ৰতি পৰিস্থিতি এতিয়াও শোচনীয় হোৱা আশংকা কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

আনহাতে সেনাই সম্প্ৰতি সকলোবোৰ যাৱতীয় ব্যৱস্থা অব্যাহত ৰাখিছে ৷ দুটা অতিৰিক্ত এনডিআৰএফ বাহিনীক বৰপেটা জিলালৈ লৈ যোৱা হৈছে৷ ইয়াৰ মাজতে বুধবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ অন্তৰ্গত গৌৰাংগ নদীৰ পানীয়ে যোগাযোগ ব্যৱস্থা বিছিন্ন কৰিছে ৷ বিগত ২৪ ঘন্টাৰ ভিতৰত নলবাৰী,বৰপেটা,ধুবুৰী আৰু গোলাঘাটত এজনকৈ ব্যক্তিৰ মৃত্যু হৈছে ৷

৮২৬ টা শিবিৰত বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, গোৱালপাৰা,কামৰূপ, মৰিগাঁও, নগাওঁ,গোলাঘাট আৰু যোৰহাট জিলাত ২,০০,৫২৫ জনে বৰ্তমান আশ্ৰয় লৈ আছে ৷ আনহাতে বানাক্ৰান্তসকলৰ মাজত ১০৭ টা কেন্দ্ৰই লক্ষীমপুৰ,উদালগুৰি,দৰং,বৰপেটা,চিৰাং, বঙাইগাওঁ,কোকৰাঝাৰ, দক্ষিণ শালমৰা,কামৰূপ, মৰাগাঁও আৰু গোলাঘাট জিলাত সম্প্ৰতি খাদ্য বিতৰণ কৰি আছে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক তথ্য অনুসৰি মৰিগাঁৱতো ইতিমধ্যে তিনিজন লোকৰ মৃত্যু হৈছে ৷ ইফালে প্ৰায় ২০ খন জিলাৰ ৭৩ ৰাজহ চক্ৰৰ ২৯৩৩ খন গাঁৱৰ ৩৪,৮২,১৭০ জন লোক বানত প্ৰভাৱিত হৈছে ৷ ধেমাজী, লক্ষীমপুৰ,উদালগুৰি, দৰং,বাক্সা,বৰপেটা, নলবাৰী,চিৰাং, বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমৰা,গোৱালপাৰা,কামৰূপ ,মৰিগাঁও, নগাঁও,গোলাঘাট, যোৰহাট আৰু কাছাৰ আদি জিলাত বানে প্ৰভাৱিত কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰলয়ংকাৰী বানৰ লগতে ভূমিস্খলনে ভাবুকি কঢ়িয়াই আনিছে পাহাৰ দাঁতিকাষৰীয়া ৰাইজলৈ

Next Story
চাকৰি