প্ৰলয়ংকাৰী বানৰ লগতে ভূমিস্খলনে ভাবুকি কঢ়িয়াই আনিছে পাহাৰ দাঁতিকাষৰীয়া ৰাইজলৈ

প্ৰলয়ংকাৰী বানৰ লগতে ভূমিস্খলনে ভাবুকি কঢ়িয়াই আনিছে পাহাৰ দাঁতিকাষৰীয়া ৰাইজলৈ

প্ৰলয়ংকাৰী বানে সকলো শেষ কৰাৰ পিছত এতিয়া প্ৰান্তে প্ৰান্তে ভূমিস্খলন আৰু গৰাখহনীয়াই লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । সমান্তৰালকৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ভূমিস্খলনে । গুৱাহাটীৰ প্ৰায় ২০০ টা পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে । চলিত বৰ্ষৰ এপ্ৰিল আৰু মে মাহত এই এই লোকসকললৈ জাননী প্ৰেৰণ কৰিছিল । কিন্তু পৰিয়াল কেইটায়ে জাননী খন গুৰুত্ব নিদি নিজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । ইয়াক লৈ চিন্তিত হৈ পৰিছে কামৰূপ ( মেট্ৰ) , জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষ।

জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে, বিজ্ঞান সন্মত আৰু অপৰিকল্পিত ভাৱে নিৰ্মান কৰা বাসগৃহ সমূহে সমস্যাত পেলাইছে । লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । ২০১৪ চনত ভূমিস্খলনৰ ফলত ১৬ জন লোক ৰ মৃত্যু হৈছিল । ২০১৬ চনত ৬ জন, ২০১৭ চনত ১ জন , ২০১৮ চনত ৩ জন আৰু ২০১৯ চনত ১ জনৰ মৃত্যু হৈছে ভূমিস্খলনৰ ফলত ।

গুৱাহাটীৰ বাবে এতিয়া কৃটিম বানপানীৰ দৰেই ভূমিস্খলনটো এটা বৃহৎ সমস্যা হিচাপে পৰিগণিত হৈছে । মহানগৰত অপৰিকল্পিত ভাৱে নিৰ্মান কৰা আৰু বৈজ্ঞানিক সন্মত নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে । গুৱাহাটীৰ ১৯ টা পাহাৰত দখল কৰি আছে লোকসকলে ।

২০১৫ চনত অসম ইঞ্জিনিয়াৰিং কলেজ আৰু ASDMA য়ে ভূমিস্খলন প্ৰবনতা স্থান সমূহ সমীক্ষা চলাইছিল । সমীক্ষাত প্ৰকাশ কৰিছিল যে, গুৱাহাটীৰ ১৯ টা পাহাৰৰ ৩৬৬ টা অঞ্চল ভূমিস্খলন প্ৰবনতা থকা । ইয়াৰে চুনচালিৰ ৭৭ টা অঞ্চল , নুনমাটিৰ ৪০ টা অঞ্চল , খাৰগুলিৰ ৩৭ টা অঞ্চল, খানাপাৰাৰ ৩৩ টা অঞ্চল , ৩১ নাৰেংগী, হেঙাৰাবাৰীৰ ৩০ অঞ্চল , কাহিলীপাৰাৰ ২৫ অঞ্চলৰ, ২০ টা শোণিতপুৰ অঞ্চল , নৰকাসুৰ অঞ্চলৰ ১৪ টা অঞ্চল, গড়ভঙাৰ ৯ টা অঞ্চল, মালিগাঁওৰ ৮ টা অঞ্চল , কালাপাহাৰৰ ৭ টা অঞ্চল , গোটানগৰৰ ৬ টা অঞ্চল আৰু নবগ্ৰহৰ ৬ টা , ফটাশিলৰ ৫ টা, নিলাচল, কামাখ্যা, শৰনিয়া , কইনা-ধৰাত ৫ টা অঞ্চল , জালুকবাৰী, লংকেশ্বৰৰ ২ টা অঞ্চল আৰু শুক্ৰেচৰৰ ১ অঞ্চল ভূমিস্খলনৰ সম্ভাৱনা থকা অঞ্চল।

সমগ্ৰ ৰাজ্যৰ বানত বুধবাৰে ছয়জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ভূমিস্খলনত হোৱা দুজন লোকৰ মৃত্যুৰ সহিতে ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে ধাৰাষাৰ বৰষূণৰ পিছত আৰু ভূটানৰ কুৰিশু নদীৰ বান্ধৰ পৰা অতিৰিক্ত পানীয়ে নামনি অসমৰ পৰিস্থিতি বিপদজনক কৰিব পাৰে ।বৰপেটা,কোকৰাঝাৰ, নলবাৰী,বঙাইগাঁও আৰু চিৰাং জিলাত সম্প্ৰতি পৰিস্থিতি এতিয়াও শোচনীয় হোৱা আশংকা কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com