Begin typing your search above and press return to search.

নামনি অসমত বানৰ তাণ্ডৱ: ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি

নামনি অসমত বানৰ তাণ্ডৱ: ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 7:33 AM GMT

সমগ্ৰ ৰাজ্যৰ বানত বুধবাৰে ছয়জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ভূমিস্খলনত হোৱা দুজন লোকৰ মৃত্যুৰ সহিতে ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে ধাৰাষাৰ বৰষূণৰ পিছত আৰু ভূটানৰ কুৰিশু নদীৰ বান্ধৰ পৰা অতিৰিক্ত পানীয়ে নামনি অসমৰ পৰিস্থিতি বিপদজনক কৰিব পাৰে ।বৰপেটা,কোকৰাঝাৰ, নলবাৰী,বঙাইগাঁও আৰু চিৰাং জিলাত সম্প্ৰতি পৰিস্থিতি এতিয়াও শোচনীয় হোৱা আশংকা কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

আনহাতে সেনাই সম্প্ৰতি সকলোবোৰ যাৱতীয় ব্যৱস্থা অব্যাহত ৰাখিছে ৷ দুটা অতিৰিক্ত এনডিআৰএফ বাহিনীক বৰপেটা জিলালৈ লৈ যোৱা হৈছে৷ ইয়াৰ মাজতে বুধবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ অন্তৰ্গত গৌৰাংগ নদীৰ পানীয়ে যোগাযোগ ব্যৱস্থা বিছিন্ন কৰিছে ৷ বিগত ২৪ ঘন্টাৰ ভিতৰত নলবাৰী,বৰপেটা,ধুবুৰী আৰু গোলাঘাটত এজনকৈ ব্যক্তিৰ মৃত্যু হৈছে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক তথ্য অনুসৰি মৰিগাঁৱতো ইতিমধ্যে তিনিজন লোকৰ মৃত্যু হৈছে ৷ ইফালে প্ৰায় ২০ খন জিলাৰ ৭৩ ৰাজহ চক্ৰৰ ২৯৩৩ খন গাঁৱৰ ৩৪,৮২,১৭০ জন লোক বানত প্ৰভাৱিত হৈছে ৷ ধেমাজী, লক্ষীমপুৰ,উদালগুৰি, দৰং,বাক্সা,বৰপেটা, নলবাৰী,চিৰাং, বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমৰা,গোৱালপাৰা,কামৰূপ ,মৰিগাঁও, নগাঁও,গোলাঘাট, যোৰহাট আৰু কাছাৰ আদি জিলাত বানে প্ৰভাৱিত কৰিছে।

৮২৬ টা শিবিৰত বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, গোৱালপাৰা,কামৰূপ, মৰিগাঁও, নগাওঁ,গোলাঘাট আৰু যোৰহাট জিলাত ২,০০,৫২৫ জনে বৰ্তমান আশ্ৰয় লৈ আছে ৷ আনহাতে বানাক্ৰান্তসকলৰ মাজত ১০৭ টা কেন্দ্ৰই লক্ষীমপুৰ,উদালগুৰি,দৰং,বৰপেটা,চিৰাং, বঙাইগাওঁ,কোকৰাঝাৰ, দক্ষিণ শালমৰা,কামৰূপ, মৰাগাঁও আৰু গোলাঘাট জিলাত সম্প্ৰতি খাদ্য বিতৰণ কৰি আছে ৷

বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,শোনিতপুৰৰ জিয়া ভৰালী,বৰপেটাৰ বেকী,কোকৰাঝাৰৰ গৌৰাংগ আৰু সোনকোষ ৷ বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত বানাক্ৰান্ত লোকসমূহক এনডীআৰএফ,এছডিআৰএফ,প্ৰশাসনৰ কৰ্মীয়ে অভিযান আৰম্ভ কৰে ।ইফালে বানে প্ৰভাৱিত অঞ্চলসমূহত সম্প্ৰতি ট্ৰেইন চলাচল পুনৰ আৰম্ভ কৰিছে ৷ সম্প্ৰতি বানে বিধ্বস্ত কৰা কিছু সংখ্যক অঞ্চলত এতিয়াও পৰিস্থিতি গতানুগতিক অৱস্থালৈ ঘূৰি আহিছে যদিও প্ৰায় সংখ্যক অঞ্চলৰ বান পৰিস্থিতি এতিয়াও পৰিৱৰ্তন হোৱা নাই ।

বানৰ প্ৰভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ৯০ শতাংশ জলমগ্ন কৰিছে ৷যাৰ কাৰণে জীৱ জন্তুসমূহ ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই মন্তব্য কৰিছে যে সম্প্ৰতি অভয়াৰণ্য খনত বানৰ প্ৰকোপ হ্ৰাস পাইছে ৷ এজন কৰ্তৃপক্ষই মত অনুসৰি বানৰ পৰিমাণ সম্প্ৰতি হ্ৰাস পাইছে ৷

অন্য খবৰৰ বাবে পঢ়ক: অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি

Next Story
চাকৰি