শীৰ্ষ বাতৰি

ক'ৰ'না নিয়ন্ত্ৰণঃ খাদ্যবস্তুৰ দোকানী-পথৰ বেপাৰীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ কেন্দ্ৰৰ

Sentinel Digital Desk

ক্ৰমাত জটিল ৰূপ ধাৰণ কৰা ক'ৰ'না মহামাৰী নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্ৰই এলানি নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ আধাৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনলৈ এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰসমূহে সকলো খাদ্যবস্তৰ দোকানী, শাকপাচলিৰ বেপাৰী আৰু পথৰ বেপাৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি অক্সিজেনৰ সুবিধাযুক্ত এম্বুলেন্স লগত লৈ যাব লাগিব।

এই সংক্ৰান্তীয় নিৰ্দেশ জাৰি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে এজন ক'ৰ'না পজিটিভ ব্যক্তি চিনাক্ত হোৱাৰ লগে লগেই তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক বিচাৰি উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনে ব্যক্তিসকলক ৭২ ঘণ্টাৰ ভিতৰত কোৱাৰেণ্টিন কৰিব লাগিব।