শীৰ্ষ বাতৰি

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অসমবাসীক উদ্দেশ্য কৰি বিশেষ বাৰ্তা।

Sentinel Digital Desk

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে খানাপাৰা পশু চিকিৎসালয় ক্ষেত্ৰত কয় যে দুৰ্নীতিৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যত চৰকাৰে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে ৷লগতে ভাৰত চৰকাৰে বিভিন্ন বিভাগক দুৰ্নীতি আঁতৰ কৰাবৰ কাৰণে বিভিন্ন পন্থা হাতত লৈছে। পশু চিকিৎসালয় খেল পথাৰৰ প্ৰাংগণত সোনোৱালে লগতে মন্তব্য কৰে যে ভাৰত চৰকাৰে যুৱকসকলক শক্তিশালী ৰূপে তৈয়াৰ কৰিবৰ কাৰণে আৰু তেওঁলোকক সকলো ফালৰ পৰা উন্নতিৰ পথত আগুৱাই লৈ যাবৰ কাৰণে যাৱতীয় ব্যৱস্থা হাতত লৈছে ৷

অসমৰ যোগাযোগ ব্যৱস্থাৰ সন্দৰ্ভত মন্তব্য কৰি সৰ্বানন্দ সোনোৱালে কয় যে পথ,ৰেল আৰু বায়ু সকলো ক্ষেত্ৰ সম্প্ৰতি উন্নতিৰ পথত আগুৱাই গৈছে। উড়ান আন্তঃৰাষ্ট্ৰীয় আধাৰত গুৱাহাটী ঢাকাৰ মাজৰ বিমান সেৱা আৰম্ভ হৈছে ৷ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দাবী কৰে যে অনতি পলমে আছিয়ান দেশসমূহৰ লগতে বিমান সেৱা আৰম্ভ হ’ব ৷

আনহাতে বহু প্ৰতীক্ষিত এনআৰচিৰ সন্দৰ্ভে উল্লেখ কৰি মুখ্য মন্ত্ৰী সোনোৱালে কয় যে প্ৰায় ৫৫০০০ অসম চৰকাৰৰ কৰ্মচাৰী ঐতিহাসিক এনআৰচিৰ প্ৰক্ৰিয়াত কাম কৰি আছে ৷আমি আশা কৰিছোঁ যে এনআৰচি হ’ব এখন ঐতিহাসিক দস্তাবেজ। য’ত কোনো বিদেশীৰ নাম অন্তৰ্ভূক্ত নহয় ৷আৰু ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা বাদ নপৰে ৷

সম্প্ৰতি এনআৰচিৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ আধাৰত হৈ আছে। লগতে সোনোৱালে অসম চৰকাৰৰ লোকসকলক আশ্বাস দিয়ে যে অসম চৰকাৰ ৰাজ্য বাসীৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ ৷ সত্ৰ,নামঘৰ,মন্দিৰ আৰু বিভিন্ন ধাৰ্মিক স্থানৰ প্ৰসংগ উল্লেখ কৰি সৰ্বানন্দ সোনোৱালে কয় যে অসম চৰকাৰে এই সমূহক ৰক্ষা কৰিবৰ কাৰণে আইনৰ ব্যৱস্থা কৰিছে ৷ অসম দৰ্শনৰ দ্বাৰা ৰাজ্য চৰকাৰে ২ লাখ টকাৰ বিত্তীয় অনুদান আগবঢ়াইছে।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বেদখলকাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যাৱতীয় পদক্ষেপ হাতত লৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত বনৰ কাৰণে এক অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সোনোৱালে । যিয়ে বেদখলকাৰী সকলৰ পৰা সত্ৰ, নামঘৰ আৰু ৰাষ্ট্ৰীয় উদ্যানক ৰক্ষা কৰিব পাৰি। লগতে চৰকাৰৰ ভূমি নীতি সন্দৰ্ভেও মুখ্যমন্ত্ৰী সোনোৱালে উল্লেখ কৰে।

এই নীতিয়ে স্বদেশী লোকসকলৰ অধিকাৰক ৰক্ষা কৰিব। আনহাতে ৰাজ্যত ১০ কোটি গছ গছনি ৰোপন কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। গতিকে অসমবাসী ৰাইজক এখন স্বচ্চ,সেউজীয়া ৰাজ্য গঢ় দিবৰ কাৰণে সজাগ হ’বলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে।