শীৰ্ষ বাতৰি

অসমৰ বানাক্ৰান্তলৈ অক্ষয় কুমাৰৰ ১ কোটি টকাঃ শলাগ ল'লে সোণোৱালে

Sentinel Digital Desk

অসমৰ বানাক্ৰান্তক সাহায্য আগবঢ়োৱাৰ বাবে এক কোটি আগবঢ়োৱা জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰক ভূয়সী প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী সোণোৱালে অভিনেতাজনক এই বদন্যতাৰ বাবে প্ৰশংসাও কৰে। 'খিলাড়ী'-খ্যাত অভিনেতাজনে এই সংকটৰ সময়ত যি সহানুভূতি আৰু সাহায্য আগবঢ়াইছে, সেয়া প্ৰশংসনীয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

জনপ্ৰিয় অভিনেতাজনক ধন্যবাদ জনাই সোণোৱালে লগতে কয়, " অসমত বান সাহায্য প্ৰদানৰ বাবে আপুনি ১ কোটি টকা আগবঢ়োৱাৰ বাবে অক্ষয় কুমাৰ, আপোনাক ধন্যবাদ। আপুনি সদায়ে সংকটকালীন সময়ত সহায়-সমৰ্থন আগবঢ়াই আহিছে"। অক্ষয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰলৈ ফোন কৰিও ৰাজ্যখনৰ সাম্প্ৰতিক বান দুৰ্গতৰ অৱস্থাৰ বুজ লৈছে। তেওঁ যোৱা বছৰো অসম আৰু বিহাৰৰ বান দুৰ্গতলৈ সাহায্য আগবঢ়াইছিল। এইবাৰো তেওঁ অসম আৰু বিহাৰৰ বানাক্ৰান্তসকললৈ এক লাখ টকাকৈ আগবঢ়ায়।