শীৰ্ষ বাতৰি

কংগ্ৰেছ অধক্ষ্য হৈ থাকিবলৈ অনিচ্ছা প্ৰকাশ ৰাহুল গান্ধীৰ

Sentinel Digital Desk

শেহতীয়াকৈ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ নিৰ্বাহ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ এক বৈঠকত ৰাহুল গান্ধীয়ে এই কথা প্ৰকাশ কৰে। এই বৈঠকত ছোনিয়া গান্ধীও উপস্থিত থাকে ।

উল্লেখযোগ্য যে লোকসকল নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছত বহুতো দাবীৰ লগতে , পৰামৰ্শ দিয়া হৈছিল দলটোক । লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছিল । কিন্তু কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ সদস্য সকলে ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিছিল।

কংগ্ৰেছ দলৰ সদস্য সকলে প্ৰকাশ কৰে কংগ্ৰেছ দলে বৰ্তমান এক কঠিন সময় পাৰ কৰিছে আৰু এই সময়ত , ৰাহুল গান্ধীক তেওঁলোকৰ নেতা হিচাপে বিচাৰে । লগতে দলৰ নেতা সকলে প্ৰকাশ কৰে যে , বৰ্তমানৰ কঠিন সময়ত ৰাহুল গান্ধীয়ে এজন যোগ্য প্ৰাৰ্থী। তেওঁৰ বাবে বৰ্তমান সময়ত কোনো নাই। বৈঠকৰ শেষৰ ফালে , কংগ্ৰেছৰ জেষ্ঠ সদস্য শশী থাৰুৰ আৰু মানিস তিৱাৰীয়ে ৰাহুল গান্ধীক পৃথকৈ সাক্ষাৎ কৰে । দলৰ বিপৰ্যয়ৰ বাবে কাকো দোষাৰোপ কৰা হোৱা নাই বুলি প্ৰকাশ কৰে ।

লোকসভা নিৰ্বাচনৰ পাছৰ পৰায়ে ৰাহুল গান্ধীয়ে ধাৰাবাহিক ভাবে পদত্যাগ কৰাৰ কথা প্ৰকাশ কৰি আহিছে । ৰাহুল গান্ধীৰ এনে পদক্ষেপে কংগ্ৰেছৰ সদস্য সকলক নিৰাশ কৰিছে ।

দেশৰ দ্বিতীয় বৃহৎ দল কংগ্ৰেছে লোকসভা নিৰ্বাচনত বৃহৎ ব্যবধানত পৰাজিত হয় আৰু ফলাফলে কংগ্ৰেছৰ অধ্যক্ষ গৰাকীক নিৰাশ কৰি তোলে । দলে ৰাহুল গান্ধীৰ পদত্যাগ গ্ৰহণ নকৰাৰ লগতে ৰাহুল গান্ধীৰ নেতৃত্বতে দলটো পৰিচালনা হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ কথা হল যে , যদি অধক্ষ্য পদৰ পৰা পদত্যাগ কৰে ৰাহুল গান্ধীয়ে, তেতিয়া ৰাহুল গান্ধীৰ পৰবৰ্তী অধক্ষ্য কোন হব? ৰাহুল গান্ধীৰ পাছত এজনৰ নামে উল্লেখ কৰে অশোক গেহলট ।

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল চি ডব্লিউ চি অৰ্থাৎ দলটোৰ কাৰ্যনিৰ্বাহক কমিটীয়ে ৷ ইফালে চি ডব্লিউ চিয়ে ৰাহুল গান্ধীক দলটোৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰি আৰু সাংগঠনিক ভাৱে পুনৰ গঠন কৰিবলৈ আহ্বান কৰে ।

কমিটীয়ে ৰাহুল গান্ধীক সম্প্ৰতি দলটোৰ নেতৃত্ব বহন কৰি বিকাশৰ পথত আগবঢ়াই লৈ যাবলৈ আহ্বান কৰিছিল। ৷ লগতে দেশৰ যুৱ প্ৰজন্ম,কৃষক,এচ চি,এচ টি,অ’বিচি,সংখ্যালঘূ সকলোৰে নেতৃত্ব বহন কৰিবলৈ কমিটী আহ্বান কৰে ৰাহুল গান্ধীক ৷ দলটোক সম্পূৰ্ণ বিকাশৰ পথত আগৱঢ়াই লৈ যাবলৈ ৰাহুল গান্ধীক আহ্বান কৰাৰ উপৰিও এখন আঁচনি মুকলি কৰাৰ কথা উল্লেখ কৰিছিল কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে ৷