Begin typing your search above and press return to search.

আজি ৰাহুল গান্ধীৰ ওপজা দিন: মোদীৰ শুভেচ্ছা ৰাহুল গান্ধীলৈ

আজি ৰাহুল গান্ধীৰ ওপজা দিন:  মোদীৰ শুভেচ্ছা ৰাহুল গান্ধীলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 11:21 AM GMT

আজি কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীৰ ৪৯ সংখ্যাক ওপজা দিন । ৰাহুল গান্ধীৰ ওপজা দিনত কংগ্ৰেছৰ নেতা কৰ্মী সকলে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাহুল গান্ধীক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় টুইটাৰযোগে ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । মোদীয়ে প্ৰকাশ কৰে যে, " জন্মদিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ । তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ স্বাস্থ্যৰ কামনা কৰিছো । "

https://twitter.com/narendramodi/status/1141177274772983808

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী ৰ শুভেচ্ছাত ধন্যবাদ জ্ঞাপন কৰে টুইটাৰযোগে ।

https://twitter.com/RahulGandhi/status/1141218612067258370

আজি পুৱা ৰাহুল গান্ধীয়ে দলৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মী সকলক সাক্ষাৎ কৰে। দলীয় কৰ্মী সকলে ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

কংগ্ৰেছৰ কৰ্মী সকলে জন্মদিন উপলক্ষ্যে ৰাহুল গান্ধীৰ এটা ভিডিঅ পষ্ট কৰে। ভাৰতৰ বিভিন্ন প্ৰান্তত ৰাহুল গান্ধীক জনোৱা অনুপ্ৰেৰণাৰ ভিডিঅয়ে বনোৱা হৈছে জন্ম দিনৰ এই বিশেষ ভিডিঅটো ।লগতে ৰাহুল গান্ধীৰ ৫টা কথা হাইলাইট কৰা হৈছে ভিডিঅ’টোত।

আনহাতে, কংগ্ৰেছৰ কৰ্মী সকলে নতুন দিল্লীৰ ৰাহুল গান্ধীৰ বাসগৃহৰ সন্মুখত " হাৱান" কৰি তেওঁৰ মংগল কামনা কৰে । ৰাহুল গান্ধীৰ লগতে মাতৃ ছোনিয়া গান্ধী আৰু ভনীয়েক প্ৰিয়ংকা গান্ধীৰ বাবেও প্ৰাৰ্থনা কৰে ।

লোকসভা নিৰ্বাচনৰ পাছত ৰাহুল গান্ধীয়ে এই মাহৰ প্ৰথমতে তেওঁৰ গৃহ সমষ্টিলৈ গৈছিল । গৃহ সমষ্টিত উপস্থিত হৈ ৪৯ বছৰৰ আগতে ৰাহুল গান্ধীৰ জন্ম কৰোৱা নাৰ্ছ ৰাজাম্মা ৰাজাপ্পাক সাক্ষাৎ কৰে। নাৰ্ছ গৰাকীৰ লগত থকা ফটো ৰাহুল গান্ধীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছিল ।

ৰাহুল গান্ধীৰ জন্ম দিনত কংগ্ৰেছৰ নেতা আৰু কৰ্মী য়ে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয় ।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইহে ৰাহুল গান্ধীক প্ৰশংসা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ," দায়িত্বশীল আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতা " বাবে প্ৰশংসা কৰে।

কংগ্ৰেছৰ সাংসদ মানিশ তিৱাৰীয়ে সু-স্বাস্থ্য , সুখ আৰু আনন্দৰে ভৰি পৰক বুলি শুভেচ্ছা জ্ঞাপন কৰে।ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে। কংগ্ৰেছে নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক ওপজা দিনৰ ওলগ জনায়। এই ভিডিঅ’টোত ৰাহুল গান্ধীৰ কিছু স্মৰণীয় মুহূৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মী সকলে শুভেচ্ছা জ্ঞাপন কৰে ৰাহুল গান্ধীক ।

লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৫৪২ আসন ভিতৰত ৫২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । ৰাহুল গান্ধীয়ে ৱায়ানাড়ৰ পৰা জয় হৈছিল । ৱায়ানাড়ৰ লগতে আমেথিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হৈছিল যদিও পৰাজয় হয় ।

অধিক খবৰৰ বাবে পঢ়ক:নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ আজি কেৰেলা ভ্ৰমণ

Next Story
চাকৰি