শীৰ্ষ বাতৰি

পঞ্জাৱত ভাৰত জডো যাত্ৰাৰ সময়ত মৃত্যু কংগ্ৰেছৰ সাংসদৰ

কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ ঠিক কাষতে খোজ কাঢ়ি গৈ থকা অৱস্থাত সন্তখ সিং চৌধাৰী অসুস্থ হৈ পৰে।

Sentinel Digital Desk

জলন্ধৰঃ পঞ্জাৱৰ জলন্ধৰ সমষ্টিৰ ৭৬ বছৰীয়া সংসদ সদস্য সন্তখ সিং চৌধাৰীয়ে শনিবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ ৰাহুল গান্ধী নেতৃত্বত ফিল্লুৰ আৰু গোৰায়া চহৰৰ মাজত ভাৰত জোডো যাত্ৰাত অংশগ্ৰহণ কৰি আছিল। খবৰ অনুসৰি, কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ ঠিক কাষতে খোজ কাঢ়ি গৈ থকা অৱস্থাত সন্তখ সিং চৌধাৰী অসুস্থ হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁক দুই বিধায়ক ৰাণা গুৰজীত সিং আৰু বিজয় ইন্দৰ চিংলাৰ সৈতে চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় আৰু দিনটোৰ বাবে যাত্ৰা স্থগিত ৰখা হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে তেওঁক মৃত বুলি ঘোষণা কৰি মৃতদেহটো জলন্ধাৰৰ বাসগৃহলৈ লৈ যোৱা হয়।