শীৰ্ষ বাতৰি

মহামাৰীৰ মাজতে নীট-জে ই ই পতাৰ বিৰোধিতাঃ কাইলৈ কংগ্ৰেছৰ প্ৰতিবাদ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ মাজতে সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষা নীট আৰু অভিযান্ত্ৰিক বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাৰ বিৰোধিতাৰে কাইলৈ ২৮ আগষ্টত কংগ্ৰেছে দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

উল্লেখ্য যে মহামাৰীৰ বিভীষিকাৰ মাজতে অনুষ্ঠিত কৰিবলৈ লোৱা এই বাছনি পৰীক্ষা দুটাত সমগ্ৰ দেশৰ ২৫ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হব। কিন্তু অন্ত নপৰাৰ অৱস্থাতে এই পৰীক্ষাৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাৰ মাজত ভয়-আতংকৰ সৃষ্টি কৰাৰ অভিযোগ তুলি বিৰোধী দলটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰি দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক বিবৃতিত কয় যে কাইলৈ দিনৰ ১১ বজাত দলে সকলো ৰাজ্য আৰু জিলাৰ সদৰ স্থানসমূহত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব।

ইয়াৰ জৰিয়তে মহামাৰীৰ সময়ত নীট আৰু জে ই ই অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিব দলে। এই প্ৰতিবাদ সামাজিক দূৰত্বৰ বিধি মানি চলি সাব্যস্ত কৰা হব বুলি কংগ্ৰেছ নেতাজনে সদৰী কৰে। আনহাতে, এই সম্পৰ্কত কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই অভিযোগ কৰে যে মহামাৰীৰ সময়ত নীট-জে ই ই অনুষ্ঠিত কৰিবলৈ লৈ চৰকাৰে ২৫ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে।