শীৰ্ষ বাতৰি

অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰাৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital Desk

সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ আহ্বান কৰিছে ৷ লগতে সদৌ অসম ছাত্ৰ সন্থাই কয় যে আমি দাবী কৰিছো যে অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে ৷আমি বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত এক বিশেষ পেকেজৰ দাবী কৰিছো ৷

নতুন দিল্লীত এই মন্তব্য কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে বহু ৰাজ্যৰ বান পৰিস্থিতিৰ সমীক্ষা কৰি এক বিশেষ পেকেজ ঘোষণা কৰিছে আৰু বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰিছে ৷

কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে অসমলৈ কিয় আহিব নোৱাৰে আৰু এক বিশেষ পেকেজৰ ঘোষণা কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে আছুৰ উপদেষ্টা ভট্টাচাৰ্যই ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে সদায় অসম আৰু উত্তৰ পূবৰ ৰাজ্যৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিবেশ কৰিছে ৷গতিকে আমি বিছাৰো যে চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ কাৰণে এক বিশেষ পেকেজ ঘোষণা কৰিব ৷

প্ৰত্যেক বাৰে অসমৰ প্ৰাকৃতিক সম্পদক ৰাষ্ট্ৰীয় সম্পদ হিছাপে কয় যদিও অসমৰ বান পৰিস্থিতিক কিয় ৰাষ্ট্ৰীয সমস্যা বুলি ঘোষণা কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে ভট্টাচাৰ্যই৷ ভাৰতক ভূটানৰ লগত কুৰিশু নদীৰ বান্ধৰ সন্দৰ্ভত চিন্তা কৰাৰ আৱশ্যক। সম্প্ৰতি ভূটানৰ কুৰিশু বান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ পিছত নামনি অসম সম্প্ৰতি জলমগ্ন হৈ পৰিছে ৷

ভূটানৰ কুৰিশ্বু হাইড্ৰ’পাৱাৰ প্লান্টৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে বৃহস্পতিবাৰে নামনি অসমৰ সাতখন জিলা জলমগ্ন কৰিলে ৷ লগতে ৰাজ্যত হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যুৰ লগতে সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬ জনলৈ বৃদ্ধি পাইছে ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰাৰ পিছত বৰপেটা,নলবাৰী,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বান পৰিস্থিতি সম্প্ৰতি অত্যন্ত শোচনীয় হৈ পৰিছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তি অনুসৰি বিগত ২৪ ঘন্টাত ধুবুৰী জিলাত গৌৰীপুৰত বানত এজন ব্যক্তিৰ মৃত্যু হয়। বৃহস্পতিবাৰে ধেমাজী,দৰং, বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমৰা,গোৱালপাৰা, কামৰূপ, মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰকে ধৰি প্ৰায় ১৮ খন জিলাৰ ৬৭ ৰাজহ চক্ৰৰ ২৭৫৩ খন গাঁৱত ৩৪,৯২,৭৩৪ জন লোক বানত প্ৰভাৱিত হয় ।

ইফালে সম্প্ৰতি বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী,গোৱালপাৰা,কামৰূপ,মৰিগাঁও,নগাঁও,গোলাঘাট আৰু যোৰহাট জিলাত ৮৩৩ শিবিৰত ১৩৩১৫৯ জন লোকে আশ্ৰয় লৈছে ৷