ভূটানৰ পানীয়ে জলমগ্ন কৰিলে অসমক

ভূটানৰ পানীয়ে জলমগ্ন কৰিলে অসমক

ভূটানৰ কুৰিশ্বু হাইড্ৰ’পাৱাৰ প্লান্টৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে বৃহস্পতিবাৰে নামনি অসমৰ সাতখন জিলা জলমগ্ন কৰিলে ৷ লগতে ৰাজ্যত হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যুৰ লগতে সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬ জনলৈ বৃদ্ধি পাইছে ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰাৰ পিছত বৰপেটা,নলবাৰী,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বান পৰিস্থিতি সম্প্ৰতি অত্যন্ত শোচনীয় হৈ পৰিছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তি অনুসৰি বিগত ২৪ ঘন্টাত ধুবুৰী জিলাত গৌৰীপুৰত বানত এজন ব্যক্তিৰ মৃত্যু হয়। বৃহস্পতিবাৰে ধেমাজী,দৰং, বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমৰা,গোৱালপাৰা, কামৰূপ, মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰকে ধৰি প্ৰায় ১৮ খন জিলাৰ ৬৭ ৰাজহ চক্ৰৰ ২৭৫৩ খন গাঁৱত ৩৪,৯২,৭৩৪ জন লোক বানত প্ৰভাৱিত হয় ।

ইফালে সম্প্ৰতি বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী,গোৱালপাৰা,কামৰূপ,মৰিগাঁও,নগাঁও,গোলাঘাট আৰু যোৰহাট জিলাত ৮৩৩ শিবিৰত ১৩৩১৫৯ জন লোকে আশ্ৰয় লৈছে ৷ য’ত ১০২ টা খাদ্য বিতৰণ কেন্দ্ৰই লক্ষীমপুৰ,উদালগুৰি,দৰং,বৰপেটা,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ, দক্ষিণ শালমাৰা,কামৰূপ,মৰাগাঁও আৰু গোলাঘাট জিলাত বানাক্ৰান্তৰ মাজত খাদ্যৰ যোগান ধৰিছে।

আনহাতে বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,সোনিতপুৰৰ জিয়া ভৰালী,কামৰূপৰ পুথিমাৰী,বৰপেটাত মানস আৰু বৰপেটাত বেকী নদী আদি ৷ ইফালে দৰং,বাক্সা,নলবাৰী, বৰপেটা,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী আৰু মৰিগাঁও জিলাত এনডিআৰএফ,এচডিআৰএফ,প্ৰশাসনে বানাক্ৰান্ত লোকসকলক সহায় কৰিছে ৷ এই স্থানসমূহত ৭৪ খন নাৱে সম্প্ৰতি বৃহস্পতি বাৰৰ পৰা ১০৭২ জন লোকক উদ্ধাৰ কৰিছে।

সংবাদ বিজ্ঞপ্তি অনুসৰি প্ৰায় ১৪০৪ ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু ৫৩৪ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত যথেষ্ঠ পৰিমাণৰ কৃষি ভূমি নষ্ট হৈছে ৷তাৰ ভিতৰত বৃহস্পতি বাৰে ক্ষতিগ্ৰস্ত হোৱা কৃষি ভূমিৰ পৰিমাণ হৈছে ১,৩০,৩৮৩.৭০ হেক্টৰ ৷ইয়াৰ মাজতে ডাঙৰ সৰু মিলাই ১৬ টা জন্তুৰ মৃত্যু হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ১৭০ চেন্টি মিটাৰ জলস্তৰ হ্ৰাস পাইছে ।কিন্তু ১৫ টা শিবিৰ সম্প্ৰতি এতিয়াও জলমগ্ন হৈ আছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ সূত্ৰৰ মতে ২৪ জুলাইৰ পৰা প্ৰায় ২০৮ টা বন্যজীৱৰ মৃত্যু হৈছে ৷ ইফালে ওডালগুৰি আৰু বাক্সাত গৰাখহনীয়াৰ সমস্যা দেখা গৈছে ।বৰপেটা আৰু বিশ্বনাথৰ বহু স্থানত বান্ধৰ ক্ষতি গ্ৰস্তৰ কাৰণে নলবাৰী,ধুবুৰী,বৰপেটা,চিৰাং,বাক্সাত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে বৰপেটাত চাৰিখন বিদ্যালয় জলমগ্ন হোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com